--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছিমাকনে বক্সৰ কাষৰে এটা শক্তিশালী শ্বট মাৰে আৰু ৰোনাল্ডোৱে অতি কৌশলেৰে মাত্ৰ ৬ য়ার্ড দূৰত্বৰ পৰা ফ্লিক কৰি বল নেটত প্ৰৱেশ কৰোৱায়।

ডিজিটেল ডেস্ক: ফুটবলৰ খেলপথাৰত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ চমক বয়সেও হাৰ মনাব পৰা নাই। ৰোনাল্ডোৱে ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে গ'ল দি গৈছে আৰু নিজৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰিছে। শনিবাৰে তেওঁ ছৌডি প্ৰ' লীগৰ এখন মেচত নিজৰ কেৰিয়াৰৰ ৯৭৮ সংখ্যক গ'ল দিয়ে পৰ্টুগীজ খেলুৱৈজনে। ৰোনাল্ডোৰ এই গ'লটোৰ সহায়ত তেওঁৰ দল আল নাছৰে আল তয়াৱুনক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে। এই আছিল লীগত আল নাছৰৰ চতুর্থ জয় আৰু ইয়াৰ সহায়ত পইণ্টৰ তালিকাত শীর্ষ স্থান দখল কৰি আছে ক্লাবটোৱে। 


উল্লেখযোগ্য যে শনিবাৰৰ এই মেচখনত আল নাছৰৰ আৰম্ভণি ভাল নাছিল। খেলৰ ১১ মিনিটতে আল তয়াৱুনৰ মহম্মদ বাছম আৰ হুৰেজীয়ে গ'ল দিয়ে আৰু আল নাছৰ ১-০ ব্যৱধানত পাছ পৰে। তেনে অৱস্থাত চাপৰ সন্মুখীন হ'লেও দলটোৱে হাৰ মনা নাছিল। প্রথমাৰ্ধৰ ইনজুৰি টাইমত আল নাছৰৰ ছামু কোষ্টাই এটা গ'ল দি মেচখনত সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৰোনাল্ডোৰ যাদু দেখিবলৈ পোৱা গ'ল। খেলৰ ৫০ মিনিটত জোৱাও ফেলিক্সে বাওঁফালৰ পৰা সুন্দৰভাৱে বল আগুৱাই নি মহম্মদ ছিমাকনলৈ আগুৱাই দিয়ে। 


ছিমাকনে বক্সৰ কাষৰে এটা শক্তিশালী শ্বট মাৰে আৰু ৰোনাল্ডোৱে অতি কৌশলেৰে মাত্ৰ ৬ য়ার্ড দূৰত্বৰ পৰা ফ্লিক কৰি বল নেটত প্ৰৱেশ কৰোৱায়। এয়া আছিল ৰোনাল্ডোৰ কেৰিয়াৰৰ ৯৭৮ সংখ্যক গ'ল। উল্লেখযোগ্য যে শনিবাৰে এই মেচখনত সম্পূর্ণ ৯০ মিনিট খেলে ৰোনাল্ডোৱে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন