--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাস্তুৰ নিয়ম অনুসৰি ঘৰত দুটা শিৱলিংগ থাকিব নালাগে। বাস্তু মতে ইয়াৰ ফলত ঘৰৰ এনাৰ্জী বেয়াভাৱে প্ৰভাৱিত হয়।

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ মতে ঘৰত কিছুমান বস্তু যোৰা-যোৰাকৈ ৰখা শুভ বুলি গণ্য কৰা হয়, আনহাতে কিছুমান বস্তু আকৌ দুটাকৈ বা যোৰা পাতি ৰখা উচিত নহয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ সুখ-শান্তি আৰু পজিটিভ এনাৰ্জী নষ্ট হয়। আহক জানো কোনবোৰ বস্তু ঘৰত দুটা কৈ ৰাখিব নালাগে:


পূজাঘৰত দুটা শিৱলিংগ

বাস্তুৰ নিয়ম অনুসৰি ঘৰত দুটা শিৱলিংগ থাকিব নালাগে। বাস্তু মতে ইয়াৰ ফলত ঘৰৰ এনাৰ্জী বেয়াভাৱে প্ৰভাৱিত হয়। শিৱলিংগৰ লগতে গণেশৰ দুটা মূৰ্তি আৰু দুটা শালগ্ৰামো একেলগে ৰাখিব নালাগে। ইয়াক বাস্তুত একেবাৰে শুভ বুলি গণ্য কৰা নহয়।


এটা কোঠাত দুটা ঘড়ী

নিয়ম অনুসৰি একেটা কোঠাত দুটা ঘড়ী থাকিব নালাগে। আনকি দুয়োটা ঘড়ীৰ সময়ত অলপ ইফাল-সিফাল হ'লেও ইয়াক অতি বেয়া সংকেত বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে এনে ঘড়ী কোঠাত থাকিলে পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য বৃদ্ধি পায় আৰু প্ৰতিটো কামতে বাধাৰ সৃষ্টি হ'বলৈ ধৰে।


ঘৰত দুখন মূল দুৱাৰ 

বাস্তু শাস্ত্ৰত ঘৰৰ মূল দুৱাৰখন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। নিয়ম অনুসৰি ঘৰত দুখন মূল দুৱাৰ থাকিব নালাগে। বাস্তু মতে ইয়াক সঠিক বুলি ভবা নহয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ ধনৰ আগমন প্ৰভাৱিত হয় আৰু টকা পইচা জমা হোৱাত অসুবিধা হয়।


একেলগে দুটা জাৰু 

নিয়ম অনুসৰি ঘৰত কেতিয়াও দুটা জাৰু একেলগে ৰাখিব নালাগে। বাস্তুত জাৰুক মা লক্ষ্মীৰ ৰূপত গণ্য কৰা হয়। সেয়েহে ঘৰত একে ঠাইত একেলগে দুটা জাৰু ৰাখিব নালাগে।


মুখামুখিকৈ আইনা নাথাকিব

এই কথাটোৰ প্ৰতি বিশেষ ধ্যান ৰাখিব লাগে যাতে ঘৰত আইনা দুখন মুখামুখিকৈ লগোৱা নাথাকে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ পৰিৱেশ বেয়াভাৱে প্ৰভাৱিত হয় আৰু ঘৰৰ সকলো সদস্যৰ ওপৰতে ইয়াৰ কু-প্ৰভাৱ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত