--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাস্তুৰ নিয়ম অনুসৰি ঘৰত দুটা শিৱলিংগ থাকিব নালাগে। বাস্তু মতে ইয়াৰ ফলত ঘৰৰ এনাৰ্জী বেয়াভাৱে প্ৰভাৱিত হয়।

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ মতে ঘৰত কিছুমান বস্তু যোৰা-যোৰাকৈ ৰখা শুভ বুলি গণ্য কৰা হয়, আনহাতে কিছুমান বস্তু আকৌ দুটাকৈ বা যোৰা পাতি ৰখা উচিত নহয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ সুখ-শান্তি আৰু পজিটিভ এনাৰ্জী নষ্ট হয়। আহক জানো কোনবোৰ বস্তু ঘৰত দুটা কৈ ৰাখিব নালাগে:


পূজাঘৰত দুটা শিৱলিংগ

বাস্তুৰ নিয়ম অনুসৰি ঘৰত দুটা শিৱলিংগ থাকিব নালাগে। বাস্তু মতে ইয়াৰ ফলত ঘৰৰ এনাৰ্জী বেয়াভাৱে প্ৰভাৱিত হয়। শিৱলিংগৰ লগতে গণেশৰ দুটা মূৰ্তি আৰু দুটা শালগ্ৰামো একেলগে ৰাখিব নালাগে। ইয়াক বাস্তুত একেবাৰে শুভ বুলি গণ্য কৰা নহয়।


এটা কোঠাত দুটা ঘড়ী

নিয়ম অনুসৰি একেটা কোঠাত দুটা ঘড়ী থাকিব নালাগে। আনকি দুয়োটা ঘড়ীৰ সময়ত অলপ ইফাল-সিফাল হ'লেও ইয়াক অতি বেয়া সংকেত বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে এনে ঘড়ী কোঠাত থাকিলে পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য বৃদ্ধি পায় আৰু প্ৰতিটো কামতে বাধাৰ সৃষ্টি হ'বলৈ ধৰে।


ঘৰত দুখন মূল দুৱাৰ 

বাস্তু শাস্ত্ৰত ঘৰৰ মূল দুৱাৰখন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। নিয়ম অনুসৰি ঘৰত দুখন মূল দুৱাৰ থাকিব নালাগে। বাস্তু মতে ইয়াক সঠিক বুলি ভবা নহয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ ধনৰ আগমন প্ৰভাৱিত হয় আৰু টকা পইচা জমা হোৱাত অসুবিধা হয়।


একেলগে দুটা জাৰু 

নিয়ম অনুসৰি ঘৰত কেতিয়াও দুটা জাৰু একেলগে ৰাখিব নালাগে। বাস্তুত জাৰুক মা লক্ষ্মীৰ ৰূপত গণ্য কৰা হয়। সেয়েহে ঘৰত একে ঠাইত একেলগে দুটা জাৰু ৰাখিব নালাগে।


মুখামুখিকৈ আইনা নাথাকিব

এই কথাটোৰ প্ৰতি বিশেষ ধ্যান ৰাখিব লাগে যাতে ঘৰত আইনা দুখন মুখামুখিকৈ লগোৱা নাথাকে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ পৰিৱেশ বেয়াভাৱে প্ৰভাৱিত হয় আৰু ঘৰৰ সকলো সদস্যৰ ওপৰতে ইয়াৰ কু-প্ৰভাৱ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ
ক্রিকেটক বিদায় জনাব ৰোহিত শৰ্মাই; টেলিভিছনৰ পৰ্দাত আৰম্ভ কৰিব নতুন ইনিংছ
নেপালত এতিয়াও সন্ধানহীন প্রায় ৪০০ ভাৰতীয়
গুৱাহাটী বিমান বন্দৰত ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ আলোক ব্যৱস্থা সংস্থাপন
‘‘মা তোমালৈ বহুত মনত পৰিছে, উভতি আহা’’; ২৪ জুলাইৰ পৰা সন্ধানহীন ওদালগুৰিৰ দুই সন্তানৰ এগৰাকী মাতৃ
ধুবুৰী আৰক্ষীৰ সফল অভিযান; ২৪টা গৰু উদ্ধাৰ, দুজনক আটক