ডিজিটেল ডেস্ক: বজাৰৰ পৰা চিকেন কিনি আনি কেৱল ফ্রিজত থৈ দিয়াই যথেষ্ট নহয়। ইয়াক সঠিকভাৱে সংৰক্ষণ কৰাটোও অতি প্ৰয়োজনীয়। যদি সংৰক্ষণৰ পদ্ধতি ভুল হয়, তেন্তে ফ্রিজত ৰখা চিকেনো সোনকালে নষ্ট হ’ব পাৰে আৰু তেনে অৱস্থাত ইয়াক পেলাই দিয়াৰ বাহিৰে কোনো উপায় নাথাকে। বিশেষকৈ যদি আপুনি একেলগে বেছি পৰিমাণে চিকেন কিনে বা এসপ্তাহৰ বাবে আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখে, তেন্তে ইয়াক সঠিক উষ্ণতা আৰু সঠিক পদ্ধতিত ৰখাাটো অতি জৰুৰী হৈ পৰে।
চিকেন ৰাখিবলৈ ফ্ৰিজৰ উষ্ণতা কিমান হোৱা উচিত?
কেঁচা চিকেন সুৰক্ষিত কৰি ৰখাত ফ্ৰিজৰ উষ্ণতাই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফ্ৰিজৰ উষ্ণতা ৫ ডিগ্ৰী চেলচিয়াছ বা তাতকৈ কম হোৱাটো নিশ্চিত কৰক। কম উষ্ণতাত চিকেনত থকা বেক্টেৰিয়াবোৰ দ্ৰুতগতিত বৃদ্ধি হ'ব নোৱাৰে আৰু চিকেন বেছি দিনলৈ ব্যৱহাৰৰ উপযোগী হৈ থাকে।
কেৱল ফ্ৰিজৰ ডায়েলৰ ওপৰত ভৰসা নকৰি যদি সম্ভৱ হয় ফ্ৰিজ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰক। কেতিয়াবা ফ্ৰিজৰ প্ৰকৃত উষ্ণতা তাৰ ছেটিংছৰ পৰা পৃথক হ'ব পাৰে। বিশেষকৈ যেতিয়া ফ্ৰিজটো বাৰে বাৰে খোলা হয় বা তাত প্ৰয়োজনতকৈ বেছি সামগ্ৰী ভৰাই ৰখা হয়।
কেঁচা চিকেন সদায় ফ্ৰিজৰ আটাইতকৈ তলৰ শ্বেল্ফ (Shelf)ত ৰাখক। ইয়াক ইয়াৰ ছীল কৰা পেেকেটতেই ৰখাটো ভাল। যদি পেকেটটো খোলা হৈছে, তেন্তে চিকেনটো এটা পৰিষ্কাৰ এয়াৰটাইট কণ্টেইনাৰত ৰাখক। ইয়াৰ দ্বাৰা চিকেনৰ পানী আন খাদ্য সামগ্ৰীৰ ওপৰত নপৰিব আৰু ক্ৰছ-কণ্টেমিনেশ্যনৰ (Cross-contamination) আশংকাবোৰো হ্ৰাস পাব।
ফ্ৰিজত কেঁচা চিকেন কিমান সময়লৈ ৰাখিব পাৰি?
সাধাৰণতে কেঁচা চিকেন কিনি অনাৰ একৰ পৰা দুদিনৰ ভিতৰত ব্যৱহাৰ কৰি লোৱাটো ভাল বুলি গণ্য কৰা হয়। এই নিয়মটো চিকেন ব্ৰেষ্ট, থাইজ, উইংছ, ড্ৰামষ্টিক আৰু গোটেই চিকেনৰ ক্ষেত্ৰত প্ৰযোজ্য।
যদি পেকেট খুলি চিকেনটো ৰখা হৈছে, তেন্তে ইয়াক বেছি দিন ফ্ৰিজত নৰখাটোৱেই ভাল। যদি আপুনি আহি থকা এক-দুদিনৰ ভিতৰত ইয়াক ৰন্ধা নাই, তেন্তে ফ্ৰিজত ৰখাৰ পৰিৱৰ্ত্তে সোনকালে ফ্ৰীজাৰত ৰখাটো এটা ভাল বিকল্প। ভেকুৱাম পেকেটত থকা চিকেন ছীল বন্ধ অৱস্থাত তুলনামূলকভাৱে বেছি দিনলৈ ৰাখিব পাৰি। কিন্তু পেকেট খোলাৰ পিছত ইয়াকো সাধাৰণ কেঁচা চিকেনৰ দৰেই গণ্য কৰক আৰু সোনকালে ব্যৱহাৰ কৰাৰ চেষ্টা কৰক।
মাৰিনেট কৰা চিকেনো সোনকালে নষ্ট হ'ব পাৰে
বহুতো মানুহৰ ধাৰণা থাকে যে মচলা বা মাৰিনেশ্যনত ৰাখিলে চিকেন বেছি দিনলৈ সুৰক্ষিত হৈ থাকে। কিন্তু সেয়া সঁচা নহয়। ঘৰতে মাৰিনেট কৰা চিকেনো ফ্ৰিজত বেছি দিনলৈ ৰখাৰ পৰা বিৰত থাকিব লাগে।
যদি আপুনি নিজেই চিকেন মাৰিনেট কৰিছে, তেন্তে দুদিনৰ ভিতৰত ৰান্ধি লোৱাৰ চেষ্টা কৰক। মাৰিনেশ্যনে চিকেনৰ সোৱাদ বৃদ্ধি কৰিব পাৰে আৰু ইয়াক কোমল কৰি তুলিব পাৰে, কিন্তু ই কেঁচা চিকেনৰ সুৰক্ষিত সংৰক্ষণৰ ম্যাদ বৃদ্ধি নকৰে।
চিকেন কিদৰে পেকেট কৰিব?
যদি চিকেনৰ পেকেমিং সঠিক হয়, তেন্তে ইয়াক একেই ছীল কৰা পেকেটতে ফ্ৰিজত ৰাখিব পাৰি। কিন্তু পেকেট খোলা হ'লে বা ক'ৰবাত ফালি গ'লে চিকেনটো এয়াৰটাইট কণ্টেইনাৰত ৰাখক।
যদি দীৰ্ঘদিনৰ বাবে চিকেন ফ্ৰিজ কৰিব বিচাৰে, তেন্তে ইয়াক সৰু সৰু টুকুৰাত ভাগ কৰি পেকেট কৰাটো অধিক সুবিধা হয়। প্ৰয়োজন অনুসৰি মাত্ৰ সিমানহে চিকেন উলিয়াব পৰা যাব যিমান খোৱাৰ প্ৰয়োজন। ফ্ৰীজাৰত ৰখাৰ আগতে পেকেটত তাৰিখ অৱশ্যেই লিখি থ’ব। ইয়াৰ দ্বাৰা আপুনি জানি থ’ব পাৰিব যে চিকেন কেতিয়া ফ্ৰীজ কৰা হৈছিল।
গোট মৰা (Frozen) চিকেন কিদৰে সঠিকভাৱে গলাব?
চিকেন গলাবলৈ আটাইতকৈ সুৰক্ষিত পদ্ধতি হ’ল ইয়াক ৰাতিটো ফ্ৰিজত ৰখা। ইয়াক এটা ঢাকনি দিয়া কণ্টেইনাৰত ফ্ৰিজৰ তলৰ শ্বেল্ফত ৰাখক যাতে গলোৰ সময়ত ওলোৱা পানীখিনিয়ে আন খাদ্য সামগ্ৰিক স্পৰ্শ নকৰে।
দ্ৰুত পদ্ধতি: যদি সোনকালে লাগে, তেন্তে ছীল কৰা বেগটোত থৈ চিকেনটো ঠাণ্ডা পানীত ডুবাই গলাব পাৰি। কিন্তু প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে পানী সলনি কৰি থাকিব লাগে।
সৰ্তকবাৰ্তা: গৰম বা কুহুমীয়া পানীত চিকেন গলাবলৈ এৰক। ইয়াৰ দ্বাৰা চিকেনৰ বাহ্যিক পৃষ্ঠটো এনে এটা উষ্ণতাত উপনীত হ’ব পাৰে য’ত বেক্টেৰিয়াবোৰ দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।
ক্ৰছ-কণ্টেমিনেশ্যন (Cross-contamination) কেনেকৈ ৰোধ কৰিব?
কেঁচা চিকেন ফ্ৰিজত ৰাখিলে এই কথাটো ধ্যান ৰাখিব যে ই যেন ৰন্ধা খাদ্য বা পোনপটীয়াকৈ খোৱা বস্তুৰ সংস্পৰ্শলৈ নাহে। কেঁচা চিকেন সদায় তলৰ শ্বেল্ফত ৰখাটো এই কাৰণেই জৰুৰী।
চিকেন কাটিবলৈ পৃথক চপিং বৰ্ড ব্যৱহাৰ কৰক আৰু ব্যৱহাৰৰ পিছত গৰম পানী আৰু চাবোনৰে ইয়াক ভালদৰে পৰিষ্কাৰ কৰক।
কেঁচা চিকেন স্পৰ্শ কৰাৰ আগতে আৰু পিছত হাত ভালদৰে ধোৱাটো জৰুৰী।
যদি আপুনি একেলগে শাক-পাচলি আৰু চিকেন প্ৰস্তুত কৰি আছে, তেন্তে প্ৰথমতে শাক-পাচলি কাটি লওক আৰু কেঁচা চিকেনটো শেষত হেণ্ডেল কৰক। ইয়াৰ দ্বাৰা বেক্টেৰিয়া আন বস্তুলৈ যোৱাৰ বিপদ হ্ৰাস পায়।
কিদৰে চিনি পাব যে ফ্ৰিজত ৰখা চিকেন নষ্ট হৈ গৈছে?
চিকেন ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ গন্ধ, গঠন আৰু ৰং ভালদৰে লক্ষ্য কৰক।
যদি চিকেনৰ পৰা কিবা অম্ল, তীব্ৰ বা অস্বাভাৱিক গোন্ধ ওলাইছে, তেন্তে ইয়াক ব্যৱহাৰ নকৰিব।
একেদৰে যদি চিকেনটো প্ৰয়োজনতকৈ বেছি আঠলুৱা বা স্লিমী (Slimy) অনুভৱ হয়, তেন্তে ইয়াক পেলাই দিয়াই শ্ৰেয়।