spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeক্ৰীড়া‘সমগ্ৰ দেশ আমাৰ বিৰুদ্ধে…’ ‌ক্ৰিকেট এৰিনাত ষ্টাম্প মাইক বিতৰ্ক; এতিয়া দেশে...

‘সমগ্ৰ দেশ আমাৰ বিৰুদ্ধে…’ ‌ক্ৰিকেট এৰিনাত ষ্টাম্প মাইক বিতৰ্ক; এতিয়া দেশে আকোঁৱালি ল’বনে কোহলী বাহিনীক?

নতুন দিল্লীঃ ভাৰতৰ বাবে সুখকৰ নহ’ল দক্ষিণ আফ্ৰিকা ভ্ৰমণ। প্ৰথম টেষ্টত বিজয়ী হাঁহি মাৰিলেও ছিৰিজ দখলত ব্যৰ্থ হয় কোহলী বাহিনী। দ্বিতীয় টেষ্টত পৰাজয়ৰ পাছত তৃতীয় টেষ্টত ভাৰতীয় দলটোৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল ক্ৰীড়ানুৰাগীয়ে। কিন্তু কোহলী নেতৃত্বাধীন ভাৰতে সেই প্ৰত্যাশিত বিজয় আজুৰি আনিব নোৱাৰিলে। তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২২৩ ৰানহে কৰিবলৈ সক্ষম হয়। অৱশ্যে, বুমৰাহৰ দুৰ্দান্ত বলিঙৰ বাবে দক্ষিণ আফ্ৰিকাই বৃহত্‍ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়। দলটোৱে ২১০ৰানতে প্ৰথম ইনিংছ সামৰে।

দ্বিতীয় ইনিংছতো নিষ্প্ৰভ হৈ ৰয় ভাৰতীয় বেটছমেন। ঋষভ পণ্টৰ শতকীয় ইনিংছৰ বাহিৰে কোনো এজন বেটছমেনৰ বেটৰ পৰা নাহিল প্ৰত্যাশিত ৰান। ফলাফলত পৰাজয়ৰ গলমালাকে পিন্ধিবলগীয়া হয় ভাৰতে। ২-১ৰ ব্যবধানত ছিৰিজ হেৰুৱায় ভাৰতে। ছিৰিজৰ সমান্তৰালকৈ আন এক বিতৰ্কই খেদি ফুৰিছে কোহলী বাহিনীক। শেহতীয়াকৈ, ষ্টাম্প মাইক বিতৰ্কই জোকাৰি গৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। একাংশই ভাৰতীয় খেলুৱৈৰ এনে আচৰণক সমালোচনাৰ দৃষ্টিৰে চাইছে।

ভাৰতীয় অধিনায়ক বিৰাট কোহলী আৰু টীম মেনেজমেণ্টক এইবাৰ ষ্টাম্প মাইক বিতৰ্কৰ বাবে সতৰ্ক কৰি দিয়া হৈছে। তৃতীয় টেষ্টৰ তৃতীয়দিনা ডিন এলগাৰৰ ন’ট আউট সিদ্ধান্তৰ পাছত কোহলী-অশ্বিনৰ ষ্টাম্প মাইক বিতৰ্কই চুই গৈছিলহি ভাৰতীয় ব’ৰ্ড। স্মৰ্তব্য যে, দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছৰ সময়ত ২৭ অ’ভাৰত সংঘটিত হৈছিল উক্ত ঘটনাটো। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডিন এলগাৰ হাতত বেট আৰু অশ্বিনৰ হাতত বল। অশ্বিনৰ বলে এলগাৰৰ পেডত আঘাত কৰিছিল। ভাৰতীয় ক্ৰিকেটাৰৰ আপীলে পাইছিল প্ৰাধান্য। আম্পায়াৰ মৰিছ ইৰাছমাছেও অশ্বিনৰ আপীলৰ প্ৰতি জনাইছিল সঁহাৰি । অৱশ্যে, এলগাৰে কিগান পিটাৰছেনৰ সৈতে আলোচনা কৰাৰ পাছত ডিআৰএছৰ সিদ্ধান্ত লয়।

আৰু ডিআৰএছ লোৱাৰ পাছত আম্পায়াৰৰ সিদ্ধান্ত ভুল প্ৰমাণিত হয়। তেতিয়াই টীম ইণ্ডিয়াৰ তাৰকাসকলে ক্ষোভিত হোৱা দেখা যায়। ব্ৰ’ডকাষ্টাৰ ছুপাৰস্পৰ্টছকো সমালোচনা কৰে কোহলী-অশ্বিনে। ষ্টাম্প মাইকত ধৰাপৰে কোহলীৰ মন্তব্য। ‘ প্ৰতিপক্ষ নহয়, নিজৰ দলৰ ক্ৰিকেটাৰ সকলকো দেখুৱাৰ চেষ্টা কৰক।সকলো সময়তে বিপক্ষৰ খেলুৱৈক ফ’কাছ কৰা বন্ধ কৰক।’

ষ্টাম্প মাইকত কোহলীয়ে এনেদৰেই কোৱা শুনিবলৈ পোৱা গৈছিল। বল ট্ৰেকিং ছিষ্টেম ছবিত দেখুৱাৰ ধৰণতো ভুল বুলিও অভিযোগ কে এল ৰাহুল আৰু ৰবিচন্দ্ৰন অশ্বিনৰ। ৰাহুলেও কৰে উদ্ভট মন্তব্য। সমগ্ৰ দেশে ১১জন ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে খেলা বুলি অভিযোগ ৰাহুলৰ। ৰাহুলৰ এনে মন্তব্যৰ পাছতে এতিয়া তোলপাৰ লাগিছে সৰ্বত্ৰে। ভাৰতীয় ক্ৰিকেটাৰৰ এনে অখেলুৱৈসুলভ আচৰণক সহজে ল’ব পৰা নাই ক্ৰীড়ানুৰাগীয়ে। ষ্টাম্প মাইক বিতৰ্কই পুনৰ আউল লগাব নেকি ৰাহুলৰ কেৰিয়াৰত সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular