spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকআকৌ খোজ কাঢ়িব ৰাজকন্যাই ঘূণীয়া কৰা যোছেফে; ‘ৰেইনড্ৰপছ’-এ যোগান ধৰিব কৃত্ৰিম ভৰি

আকৌ খোজ কাঢ়িব ৰাজকন্যাই ঘূণীয়া কৰা যোছেফে; ‘ৰেইনড্ৰপছ’-এ যোগান ধৰিব কৃত্ৰিম ভৰি

ডিজিটেল ডেস্ক : ৰাজকন্যা বৰুৱা নামৰ এগৰাকী বিতৰ্কিত মডেলৰ দুষ্কাৰ্যই নগৰাকীকৈ লোকৰ জীৱনলৈ অকস্মাতে নমাই আনিছিল ঘোৰ অমানিশা। নগৰাকীকৈ লোকক নিজৰ নিয়ন্ত্ৰণহীন গাড়ীৰে মহতীয়াই নিছিল ৰাজকন্যাই। তাৰ পাছতে এইসকল লোকৰ জীৱন হৈ পৰিছিল অন্ধকাৰচ্ছন্ন। এই দুৰ্ঘটনাত আটাইতকৈ গুৰুতৰভাৱে আহত হৈছিল যোছেফ মাৰাক নামৰ এজন লোক। লোকজনৰ এখন ভৰি দুৰ্ঘটনাস্থলীতে ছিগি গৈছিল। তাৰ পাছত আনখন ভৰি চিকিৎসকে অস্ত্ৰোপচাৰেৰে কাটি পেলাবলীয়া হয়। এতিয়া এক অনিশ্চিত ভৱিষ্যৎ সন্মুখত লৈ জিএমচিএইচৰ বিছনাত পৰি আছে যোছেফ মাৰাক। কিন্তু তেওঁৰ এই দুৰ্যোগৰ দিনত তেওঁৰ কাষত ঠিয় হোৱা মানুহ নাইকিয়া হোৱা নাই। ঘৰ-পৰিয়ালৰ মানুহক তেওঁ হাস্পতাললৈ আহিবলৈ দিয়া নাই যদিও মানৱদৰদী একাংশ লোক ঠিয় হৈছেহৈ মাৰকৰ কাষত। মাৰাকৰ অন্ধকাৰ হৈ পৰিব খোজা জীৱনক সামান্য আলোকৰ সন্ধান দিবলৈ এইবাৰ তেওঁৰ কাষত ঠিয় হৈছে ‘ৰেইনড্ৰপছ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটো।

‘ৰেইনড্ৰপছ’-এ মাৰাকৰ বাবে দুখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰাৰ সংকল্প গ্ৰহণ কৰিছে। গভীৰ মানৱপ্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ পৰিচয়েৰে আঘাতপ্ৰান্ত মাৰাকৰ কাষত ঠিয় দিছে ‘ৰেইনড্ৰপছ’ৰ মূল চালিকা শক্তি, লেখক আবিদ আজাদ। ৰাজকন্যাৰ দৰে একাংশই নিজৰ উদণ্ড স্বভাৱ আৰু সামাজিক দায়বদ্ধতাহীনতাৰে যিসময়ত একাংশ লোকৰ জীৱনলৈ অমানিশা নমাই আনিছে সেই সময়তে আবিদ আজাদৰ দৰে লোকৰ কাষত ঠিয় হৈছে পোহৰৰ শিখা হৈ। দুৰ্ঘটনাত দুয়োভৰি হেৰুওৱা যোছেফ মাৰাকৰ কাষত ঠিয় হৈ সন্মুখীন হোৱা অভিজ্ঞতা আৰু ‘ৰেইনড্ৰপছ’-এ তেওঁৰ বাবে ল’ব খোজা পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰি আবিদ আজাদে কয়, ‘আজি আমি GMCH ত যোছেফক দেখা কৰিবলৈ যাওঁ। সন্ধিয়া যি সময়ত গৈ আমি নিৰ্দিষ্ট ৱাৰ্ডত উপস্থিত হৈছিলোঁ, সেই সময়ত তেওঁৰ দুয়োখন কটা যোৱা ভৰি ড্ৰেছিং কৰি থকা হৈছিল। মানুহজনৰ যন্ত্ৰণাকাতৰ চিঞৰ আৰু কটা ভৰিৰ দৃশ্যই আমাক খুবেই ব্যথিত কৰিছিল। ড্ৰেছিং হৈ যোৱাৰ পাছত ডাক্টৰৰ অনুমতি লৈ, আমি ৰোগীজনক লগ কৰোঁগৈ। মানুহজন যন্ত্ৰণাত ভাগৰি পৰিছিল। কি বুলি কথা পাতিম! কি ভাষাৰেনো খবৰ ল’ম! তাতে লগত পৰিয়ালৰ কোনো নাই।


কিন্তু মানুহজনৰ সৈতে কথা পাতি কিছু মুহূৰ্ততে আমি অবাক হৈ গ’লোঁ। কি মনোবল, কি দৃঢ়তা! ভৰি দুখন যে আৰু নাই, সেই লৈ মুখত নিৰাশাৰ কোনো ভাব-লেখ নাই। কটা ভৰি দুখন শুকালেই যেন হাস্পতাল এৰি কামলৈ ঘূৰি যাব! ঘৰ তেওঁৰ মেঘালয়ৰ পশ্চিম গাড়ো পাহাৰত। নাম যোছেফ মাৰাক। পিতৃ-মাতৃ আদিবাসী। পত্নী গাৰো। তিনিটাকৈ সন্তান। কাষৰ অন্য এটেণ্ডেণ্টে জনোৱা মতে ঘৰৰ মানুহৰ সৈতে ভিডিও কলিঙৰ সহায়ত তেওঁ কথা পাতিছে ইতিমধ্যে। ঘৰত হাহাকাৰ অৱস্থা। কিন্তু তেওঁ কাকো গাঁৱৰপৰা GMCH লৈ আহিব দিয়া নাই। ইয়াত আহিলে সিহঁতৰ কষ্ট হ’ব। আলৈ-আথনি হ’ব। আহিও বা কি কৰিব! হাস্পতালত ঠিকে আছে তেওঁ। চিকিৎসা চলি আছে।
যোছেফ মাৰাকক খ্ৰীষ্টান নেকি বুলি সোধোঁতে তেওঁ কৈছিল ‘মই হিন্দুও, খ্ৰীষ্টানো।’ শয্যাশায়ী ভৰিবিহীন যোছেফৰ প্ৰৱল ধৈৰ্যশক্তি আৰু আত্মবল দেখি ক্ষণিকৰ বাবে মোৰ মনলৈ আহিছিল ক্ৰুছবিদ্ধ যীশুখ্ৰীষ্টলৈ। আমি Raindrops Initiative ৰ পৰা জুপিতৰা বসুমতাৰী আৰু পুণম বৰা যোছেফ মাৰাকক দেখা কৰিবলৈ গৈছিলোঁ। তেওঁক কিছু আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্যৰে আমি গৈছিলোঁ। কিন্তু যিহেতু তেওঁৰ সৈতে নিজৰ কোনো এটেনডেণ্ট নাই, আৰু GMCH কৰ্তৃপক্ষইও বিশেষ তত্বাৱধানেৰে বৰ্তমান তেওঁৰ চিকিৎসা কৰি আছে, আমি বৰ্তমান তেওঁৰ হাতত টকাখিনি দি অহাৰ সলনি পৰৱৰ্তী সময়ত তেওঁৰ বাবে কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰাৰ সংকল্পৰে উভতি আহিলোঁ।


Raindrops Initiative Assam এক তেনেই নতুন সংস্থা। GMCH ৰ ৰোগীৰ এটেনডেণ্টসকলক সন্ধিয়া বিনামূলীয়া আহাৰৰ যোগান ধৰাৰ বাদে ৰোগীক আৰ্থিক সাহায্য দিব পৰাকৈ আমি সক্ষমো নহয় আৰু Raindrops ৰ সেয়া লক্ষ্য বা উদ্দেশ্যও নহয়। কিন্তু শ্ৰমিক যোছেফ মাৰাকৰ ক্ষেত্ৰত আমি তেওঁক কৃত্ৰিম ভৰি যোগান ধৰাৰ প্ৰয়াস কৰিম। সুস্থ হৈ তেওঁ যাতে অন্তত কাম কৰি চলিব পৰা হয়। তেওঁৰ মনোবল আৰু দৃঢ়তাই আজি আমাক এই সংকল্প ল’বলৈ বাধ্য কৰিলে।’
উল্লেখ্য যে, কৰ’নাকালীন পৰিস্থিতিত ‘ৰেইনড্ৰপছ’ৰ ফালৰ পৰা প্ৰতিদিনে জিএমচিএইচত চিকিৎসাধীন ৰোগীৰ অভিভাৱকক খাদ্য যোগান ধৰাৰ কাম কৰি আহিছে আবিদ আজাদ আৰু তেওঁ সতীৰ্থসকলে। এই স্বেচ্ছাসেৱী সংস্থাটোৰ শেহতীয়া এই পদক্ষেপ সমাজৰ বাবে অতি আশাপ্ৰদ এক খবৰ হিচাপে বিবেচিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular