ডিজিটেল ডেস্ক: ৰাতি বিছনাত প্ৰস্ৰাৱ কৰি দিয়াৰ প্ৰৱণতা বহু শিশুৰে থাকে। কিশোৰ বয়সতো বহুতৰে এনে হয়। কিন্তু যদি এই সমস্যা ধাৰাবাহিকভাৱে চলি থাকে, তেন্তে বিষয়টো গুৰুত্বসহকাৰে ল’ব লাগে। ঘনে ঘনে প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, হঠাতে ভোক বৃদ্ধি পোৱা আদি লক্ষণ দেখা দিলে অভিভাৱক সতৰ্ক হ’ব লাগে। ইয়াৰ কাৰণ মূত্ৰনলীৰ সংক্ৰমণ বা ডায়েবিটিছ নহৈ আন কোনো ৰোগো হ’ব পাৰে।
শৈশৱ আৰু কৈশোৰতো কিডনীৰ ৰোগ হ’ব পাৰে। কিডনীৰ ৰোগৰ এটা ডাঙৰ সমস্যা হ’ল—ৰোগটো চিনাক্ত কৰিবলৈ বহু সময় লাগে। যেতিয়া ধৰা পৰে, তেতিয়া হয়তো যথেষ্ট পলম হৈ যায়। বিশেষকৈ সৰু শিশুৰো কিডনীৰ ৰোগ হ’ব পাৰে বুলি বহু অভিভাৱকৰ ধাৰণা নথকাৰ বাবে কিছুমান লক্ষণ দেখা দিলেও তেওঁলোকে সেইবোৰ উপেক্ষা কৰে।
শিশুৰ ক্ষেত্ৰত কিডনীৰ গঠনগত সমস্যা, সংক্ৰমণ আৰু জিনগত কাৰণত কিডনীৰ ৰোগ হ’ব পাৰে। জন্মগত সমস্যা থাকিলেও বহু সময়ত সেয়া সহজে ধৰা নপৰে।
পৰিয়ালত কিডনীৰ ৰোগৰ ইতিহাস থাকিলে শিশুৰ ক্ষেত্ৰতো ইয়াৰ আশংকা থাকিব পাৰে। আকৌ বাৰে বাৰে মূত্ৰনলীৰ সংক্ৰমণ হোৱা আৰু সঠিকভাৱে চিকিৎসা নকৰাৰ ফলতো কিডনীৰ সমস্যা হ’ব পাৰে। অত্যধিক প্ৰচেচড খাদ্য গ্ৰহণ আৰু কম বয়সতে বহুত শকত হোৱাটো কিডনীৰ ৰোগৰ আন কিছুমান কাৰণ হ’ব পাৰে।
কোনবোৰ লক্ষণ দেখি সতৰ্ক হ’ব?
পুৱা টোপনিৰ পৰা উঠাৰ পিছত চকুৰ পতা বা মুখ ফুলি থকা দেখা যাব পাৰে।
ভৰি, গোৰোহা বা পেট অস্বাভাৱিকভাৱে ফুলি উঠিব পাৰে।
প্ৰস্ৰাৱত ফেন হোৱা—যি প্ৰস্ৰাৱৰ সৈতে প্ৰ’টিন ওলাই যোৱাৰ লক্ষণ হ’ব পাৰে।
প্ৰস্ৰাৱৰ ৰং ৰঙচুৱা বা ক’লা-বাদামী হোৱা, প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱা আদি লক্ষণো দেখা দিব পাৰে।
স্বাভাৱিকতকৈ বহু কম বা অত্যধিক প্ৰস্ৰাৱ হোৱা, অথবা ৰাতি বাৰে বাৰে বিছনাত প্ৰস্ৰাৱ কৰি দিয়াৰ সমস্যাও সতৰ্ক হোৱাৰ কাৰণ।
অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ শিশুৰ বাবে যথেষ্ট চিন্তাৰ বিষয়। অত্যধিক ভাগৰুৱা হোৱা, বাৰে বাৰে ভোক লগা আৰু ওজন কমি যোৱাও কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে।
বয়স অনুসৰি শিশুৰ উচ্চতা আৰু শাৰীৰিক বিকাশ বাধাগ্ৰস্ত হ’লে সাৱধান হ’ব লাগে।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি শিশুক পৰ্যাপ্ত পৰিমাণে পানী খুৱাব লাগে। পানীৰ অভাৱ হ’লে কিডনীৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি পাব পাৰে। শিশুৱে যাতে প্ৰস্ৰাৱ চেপি নাৰাখে, সেই বিষয়তো অভিভাৱকে লক্ষ্য ৰাখিব লাগে।
বাহিৰৰ খাদ্য আৰু ভজা-পোৰা খাদ্য কমাই ঘৰত প্ৰস্তুত কৰা স্বাস্থ্যকৰ আৰু পাতল খাদ্য খুৱাব লাগে। লগতে শিশুক নিয়মিত শাৰীৰিক ব্যায়াম বা খেলাধূলাৰ অভ্যাস কৰাব লাগে।