spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকডিজিপিৰে ৰাজকন্যা সন্দৰ্ভত কি কথা পাতিছিল নভনীল বৰুৱাই, ভিভাণ্টাত কোনে দিছিল নৈশ...

ডিজিপিৰে ৰাজকন্যা সন্দৰ্ভত কি কথা পাতিছিল নভনীল বৰুৱাই, ভিভাণ্টাত কোনে দিছিল নৈশ পাৰ্টী?

ডিজিটেল ডেস্ক : কিমান গভীৰ পানীৰ মাছ আছিল ৰাজকন্যা বৰুৱা? কিদৰে সাঙোৰ খাইছে ইটোৰ পাছত সিটো হাইপ্ৰফাইল নাম? কিহৰ বাবে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ হ’ল বদনাম? এইবোৰ প্ৰশ্ন এতিয়া সকলোৰে মনত প্ৰতিধ্বনিত হৈছে। কিয়নো ৰাজকন্যা কাণ্ডৰ তদন্ত যিমানে আগবাঢ়িছে সিমানে ইয়াৰ লগত জড়িত বহু অপ্ৰিয় সত্য পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই নিজৰ কৃতকৰ্মৰে কেৱল নজন লোকৰ জীৱন বিপদাপন্ন কৰি তুলিছিল। তাৰ পাছত তেওঁক সুৰক্ষা দিবলৈ গৈ একপ্ৰকাৰ বদনামৰ বোজা মূৰ পাতি ল’বলগীয়া হ’ল আৰক্ষী বাহিনী আৰু চিকিতসক সমাজেও। ইতিমধ্যে ব্যৱ্স্থা গ্ৰহণ কৰা হৈছে ইয়াৰে জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰিছে এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই।

কিন্তু ইমানতে ৰাজকন্যা কাণ্ডৰ আলোড়ন থমকি ৰোৱা নাই। প্ৰশ্নবোধক আনিব খোজা হৈছে অসম আৰক্ষীৰ মুৰব্বী ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে। ৰাজকন্যাক সুৰক্ষা দিবলৈ চেষ্টা কৰা চিকিতসক ডাঃ নভনীল বৰুৱাই নাম লৈছিল ভাস্কৰজ্যোতি মহন্তৰ। মহন্তৰ অনুমতি ক্ৰমে তেওঁ ৰাজকন্যা বৰুৱাক আইচিইউত ভৰ্তি কৰিছিল বুলি প্ৰকাশ কৰিছিল। কিন্তু কথা হ’ল এইকথা যে, কৌশলপূৰ্ণভাৱে মানুহক বিভ্ৰান্ত কৰাৰ বাবে ডাঃ বৰুৱাই উল্লেখ কৰিছিল সেইকথা স্পষ্ট কৰি দিছে ভাস্কৰজ্যোতি মহন্তই। সংবাদমেলযোগে তেওঁ স্পষ্ট কৰি দিছে যে, ডাঃ নভনীল বৰুৱাই তেওঁলৈ ফোন কৰিছিল যদিও তেওঁ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হ’ব বুলি স্পষ্টকৈ জনাই দিছিল। ৰাজকন্যাৰ আত্মহত্যাৰ প্ৰৱণতা থকাৰ কথা কৈ ডিজিপিক সকীয়াই দিছিল ডাঃ নভনীল বৰুৱাই। কিন্তু ডাঃ বৰুৱাই কোৱাৰ দৰে ডিজিপিয়ে তেওঁক হাস্পতালত ৰাখিবলৈ কোৱা নাছিল বুলি তেওঁ স্পষ্ট কৰি দিছে। মন কৰিবলগীয়া কথাটো হ’ল ৰাজকন্যা কাণ্ডৰ তদন্ত তথা গোচৰ ৰুজু কৰাত আৰক্ষীয়ে গাফিলতি কৰাৰ কথাটো ভাস্কৰজ্যোতি মহন্তই স্বীকাৰ কৰে আৰু তেওঁৰ নিৰ্দেশৰ পাছতো ৰাজকন্যাৰ বিৰুদ্ধে গোচৰত নিৰ্দিষ্ট ধাৰা সংযোজন কৰা হোৱা নাছিল বুলি মন্তব্য কৰে।


কেৱল এয়াই নহয়, ৰাজকন্যাই পাৰ্টী কৰি অহা পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাক ইমান দিনে অনা হোৱা নাছিল তদন্তৰ আওতালৈ। সৰ্বসাধাৰণ তথা সংবাদ মাধ্যমৰ নিৰন্তৰ হেঁচাৰ পাছত তদন্তৰ আওতালৈ আহিছে ভিভাণ্টা। ইতিমধ্যে, হোটেলখনৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। সান্ধ্য আইন অমান্য কৰাৰ অভিযোগত অভিযুক্ত হোটেলখনৰ বিৰুদ্ধে তদন্ত কৰিব কামৰূপ জিলা উপায়ুক্তই।
ইফালে, ডাঃ নভনীল বৰুৱাৰ পক্ষত ঠিয় দিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন। ‘চৰকাৰী মেডিকেল ব’ৰ্ড ৰাজনৈতিক চাপৰ পৰা মুক্ত নহয়’ বুলি মন্তব্য কৰি ডাঃ বৰুৱক অভিযুক্ত কৰাৰ বিৰোধিতা কৰিছে এছ’চিয়েচনে। ৰাজকন্যা বৰুৱাক চিকিত্সা বিজ্ঞানৰ নিয়ম অনুসৰি চিকিতসালয়ত ভৰ্তি কৰোঁৱা হৈছিল বুলি মন্তব্য কৰিছে IMAৰ ৰাজ্যিক সভাপতি ডাঃ সত্যজিত বৰাই। এছ’চিয়েচনৰ এই স্থিতিৰ পাছত ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰাত বাধাৰ সন্মুখীন হ’ব পাৰে আৰক্ষী। অৱশ্যে তেওঁক মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ কথা আৰক্ষীয়েও প্ৰকাশ কৰা নাই।


ইফালে, কঠিন গোচৰৰ বোজাই ভাৰাক্ৰান্ত কৰা ৰাজকন্যা বৰুৱা এতিয়া কাৰাগাৰৰ আলহী হৈছে। আদালতে তেওঁক প্ৰেৰণ কৰিছে ১৪ দিনৰ ন্যায়িক জিম্মালৈ। এক বিধ্বস্ত, ৰুগ্ন ৰূপ লৈ তেওঁ এতিয়া বন্দী হৈ আছে কেন্দ্ৰীয় কাৰাগাৰত। এগৰাকী চিকিতসকে সন্তানৰ জন্মদিন উপলক্ষে দিয়া পাৰ্টীত মাজনিশালৈকে মচগুল হৈ থকা আছিল ৰাজকন্যা। তাৰ পৰা মাতাল অৱস্থাত ওলাই আহিয়েই তেওঁ একপ্ৰকাৰ ধাৰণ কৰিছিল ঘাতকৰ ৰূপ। তদন্ত আৰু বিচাৰপ্ৰক্ৰিয়াৰ শেষত তেওঁৰ কি শাস্তি হ’ব সেয়া সময়েহে ক’ব যদিও ৰাজকন্যাক ৰাজসিংহাসনৰ, ৰাজকীয় পৰা এইবাৰ নামি আহিবলৈ বাধ্য কৰালে আইনে। এয়া সমাজৰ সকলো অবিবেচক তথা দায়িত্বহীন লোকৰ বাবে এটা শিকনিৰূপে বিবেচিত হ’বনে?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular