spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeমনোৰঞ্জনশান্ত-শিষ্ট অৰিজিতৰ মুখত অশ্লীল মাত! কিয় 'F..king' বুলি কৈছিল সংগীতৰ সম্ৰাটে?

শান্ত-শিষ্ট অৰিজিতৰ মুখত অশ্লীল মাত! কিয় ‘F..king’ বুলি কৈছিল সংগীতৰ সম্ৰাটে?

ডিজিটেল ডেস্কঃ অৰিজিত সিং৷ নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে এখন গানৰ পৃথিৱীলৈ৷ কেৱল গানেৰে তেওঁ জগত জিনিছে৷ নম্ৰ আৰু অমায়িক স্বভাৱৰ বাবেই মানুহৰ মাজত তেওঁ সদায় প্ৰিয়৷ বলীউডৰ প্লে’ বেক’ গায়ক অৰিজিতৰ সিং আটাইতকৈ সফল গায়কসকলৰ মাজৰ এজন বুলিব পাৰি। তেওঁ ২০১৩ চনত “তুম হি হো” আৰু “চাহুন মই য়া না” কৰাৰ বাবে খ্যাতি লাভ কৰিছিল। বৰ্তমান তেওঁক ‘প্লেবেক চিংগিং ৰ ৰজা’ বুলি ক’ব পাৰি, স্বভাৱত শান্ত-শিষ্ট প্ৰকৃতিৰ লোকজনৰো আছে কেতবোৰ বিৰ্তকিত অধ্যায়৷ যিবিলাক বিতৰ্কই সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল।

২০১৮ চনত, অৰ্জিত সিঙৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল য’ত তেওঁক তেওঁৰ লাইভ প্ৰদৰ্শনৰ সময়ত এটা অশ্লীল শব্দ উচ্চাৰণ কৰা দেখা গৈছিল। ভিডিঅ’টোত, তেওঁক ৰণবীৰ কাপুৰৰ ৰকষ্টাৰৰ নাদান পৰিন্দে গান টো গাই থকা দেখা গৈছিল আৰু হঠাতে তেওঁক খঙাল মোডত দেখা গৈছিল, “কোনোবাই (এটা বেয়া কথা…Somebody f*cking fix this mic!) এই মাইকটো ঠিক কৰে যেন!” যেতিয়া মাইকটো তৎক্ষণাৎ ঠিক কৰা হৈছিল আৰু তেওঁ পুনৰ গীত গাবলৈ আৰম্ভ কৰিছিল, কিন্তু তাৰ পাছতে ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইফালে, অৰিজিতৰ সিঙে কালি ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে কোভিড-১৯ ৰ ইতিবাচক পৰীক্ষ৩ৰ ফলাফল আহিছে, আৰু নিজকে আছুতীয়াকৈ ৰাখিছে। তেওঁ সামাজিক মাধ্যমত লিখিছিল যে, “মই আৰু মোৰ পত্নীয়ে কোভিড পজিটিভ পৰীক্ষা কৰিছো আৰু ফলাফল পজিটিভ আহিছে। আমি সকলো বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ আৰু আপোনালোকৰ পৰা আৰ্শীবাদ বিছাৰিছোঁ৷ তেওঁ ছ’চিয়েল মিডিয়াত এইটো ঘোষণা কৰাৰ পিছতে, তেওঁৰ অনুৰাগীসকলে তেওঁক মৰম উপচাই পেলাইছে। তেওঁৰ কেইবাজনো অনুৰাগীয়ে তেওঁৰ সোনকালে আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular