পুত্ৰক গ্ৰেপ্তাৰ, কন্যালৈও চমন : দেশক কিয় অভিনন্দন জনালে ৰিয়াৰ পিতৃয়ে!

নতুন দিল্লী : পুত্ৰ শৌভিক চক্ৰৱৰ্তী ড্ৰাগছ বেচা-কিনাৰ গোচৰত নৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰো(এন চি বি)ৰ জালত পৰিছে। ৯ ছেপ্টেম্বৰ পৰ্যন্ত প্ৰেৰণ কৰা হৈছে এন চি বি-ৰ জিম্মালৈ। আৰু তাৰ পাছতে দেশক ‘অভিনন্দন’ জনালে ৰিয়া চক্ৰৱৰ্তী তথা শৌভিকৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীয়ে। শনিবাৰে ২৪ বছৰীয়া শৌভিকক ৯ ছেপ্টেম্বৰলৈ এন চি বি-ৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰাৰ পাছতে তেওঁ এখন বিজ্ঞপ্তিযোগে দেশক ‘অভিনন্দন’ জ্ঞাপন কৰি এই ঘটনাক লৈ নিজৰ ক্ষোভ ব্যক্ত কৰে।

আৰু পঢ়িব পাৰিব: টেক্সাছত ডুবিল ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী জাহাজ!

তেওঁ লিখিছে, ‘অভিনন্দন ভাৰত, মোৰ পুত্ৰক আপোনালোকে গ্ৰেপ্তাৰ কৰিলে। মই নিশ্চিত যে পৰৱৰ্তী তালিকাত মই বা মোৰ কন্যা আছোঁ। কোন প্ৰথমে সেয়াহে মই নাজানো। আপোনালোকে অতি সফলভাৱে এটা মধ্যবিত্ত পৰিয়ালক ধ্বংস কৰিলে। কিন্তু হয়, ন্যায়ৰ বাবে সকলো কথাই ন্যায্য। জয় হিন্দ।’ সেনাৰ অৱসৰপ্ৰাপ্ত লেঃ কৰ্নেল ইন্দ্ৰজিৎ চক্ৰৱৰ্তীৰ এই বিজ্ঞপ্তিয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ তদন্তৰ নামত ৰিয়াৰ পৰিয়ালৰ ওপৰত চলি থকা মানসিক নিৰ্যাতনৰ অনাংকাক্ষিত ঘটনাক প্ৰতিফলিত কৰিছে।

আৰু পঢ়িব পাৰিব: এন চি বি-ৰ জিম্মালৈ প্ৰেৰণ ৰিয়া ভাতৃ আৰু সুশান্তৰ গৃহ পৰিচৰ্যাকাৰীক

ঘটনাটোক লৈ মিডিয়া ট্ৰায়েলৰ সন্মুখীন হোৱা ৰিয়া চক্ৰৱৰ্তীৰ সপক্ষে বিভিন্নজনে মাত মতাও দেখা গৈছে। উল্লেখ্য যে, অনুসন্ধানকাৰী একাধিক সংস্থাই ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক বাৰে বাৰে জেৰা কৰাৰ লগতে ঘৰত তালাচীও চলাইছে। ড্ৰাগছ ক্ৰয়-বিক্ৰয় তথা ড্ৰাগছ যোগানকাৰীৰ সৈতে সম্পৰ্ক থকা অভিযোগত শৌভিকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁৰপৰা এন চি বি-এ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, আজি নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰোৰ জেৰাৰ সন্মুখীন হ’বলৈ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীলৈও চমন জাৰি কৰা হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES