spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিককিয় উত্তাল অসমৰ সীমান্তবৰ্তী এলেকা? অসম-নাগালেণ্ড সীমান্তত সংঘাটৰ সূচনা!

কিয় উত্তাল অসমৰ সীমান্তবৰ্তী এলেকা? অসম-নাগালেণ্ড সীমান্তত সংঘাটৰ সূচনা!

ডিজিটেল ডেস্ক : কিমান সুৰক্ষিত অসমৰ সীমান্ত অঞ্চল? কেতিয়াবা যদি অসম-নাগালেণ্ড সীমান্তত অস্ত্ৰধাৰী নগাৰ মুক্ত বিচৰণ৷ কেতিয়াবা আকৌ অসম-মিজোৰাম সীমান্তত দুবৃত্তৰ অক্ৰমণ৷ আচলতে অশান্ত হৈ পৰিছে নেকি অসমৰ সীমান্তবৰ্তী এলেকা৷ ইয়াৰ বাবে চৰকাৰৰ নিৰব ভূমিকাই আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷ উত্তৰ-পূৰ্বৰ ৮ ভাই-ভনীৰ সম্পৰ্কত মেলিছে ফাঁট৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাৰ ওপৰত সঘনাই আঙুলিয়াইছে বিদ্যান মহলে৷ অৱশ্যে অসমৰ ভূমিত চলা অগ্ৰাসনকলৈ কেইবাৰো আলোচনাত লিপ্ত হৈছিল অসম চৰকাৰ ৷ কিন্তু ফলাফল মুঠেি শুণ্য বুলি অবিহিত হৈ আহিছে৷

আজি মৰিয়নি অসম নাগালেণ্ড সীমান্তত অস্ত্ৰধাৰী নগাৰ মুক্ত বিচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্ত নাগাজংকা উদয়পুৰ অঞ্চলত হাতত মাৰাণাস্ত্ৰ লৈ অসমৰ মাটিত মুক্তভাৱে বিচৰণ কৰিছে নগা লোকে৷ উল্লেখযোগ্য যে, নাগাজংকা চাহ বাগিচাৰ সমীপতে থকা নগা পাহাৰৰ লোকে এইদৰে অসমৰ মাটিত তহল দিয়া ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

সশস্ত্ৰ নগা লোকৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে স্থানীয় লোকৰ মাজত৷ উল্লেখযোগ্য যে পূৰ্বে অস্ত্ৰধাৰী নগা দুৰ্বিত্ত এই অঞ্চলৰ লোকক ধনদাবী কৰাৰ লগতে ভয় ভাবুকি প্ৰদান কৰাৰ ঘটনা সংঘটিত হৈ আহিছে। কিন্তু এই নগা দুৰ্বৃত্তক কৰায়ত্ব কৰাত ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে অসম আৰক্ষী। নিৰব ভূমিকা পালন কৰিছে চৰকাৰ তথা প্ৰশাসনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular