ডিজিটেল ডেস্ক : বিশ্বৰ অর্থনীতি অনিশ্চয়তাৰ সন্মুখীন হ'লেও ২০২৮ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ পথত। বিশ্বৰ উৎপাদনত ভাৰতৰ অংশ বৃদ্ধি পোৱা তথা আন্তঃগাঁথনি অধিক উন্নত হোৱাৰ মাজতে মর্গান ষ্টেনলীৰ শেহতীয়া প্রতিবেদনত এই কথা প্রকাশ পাইছে।
প্রতিবেদনখনৰ মতে, জার্মানিক চেৰ পেলাই ২০২৮ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হ'ব। প্রতিবেদনখনত কোৱা হৈছে (প্রক্ষেপ কৰা হৈছে) যে ২০২৬ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি হ'ব ৪.৭ ত্রিলিয়ন (৪.৭ লাখ কোটি) ডলাৰৰ তথা আমেৰিকা, চীন আৰু জার্মানিৰ পাছতে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হ'ব। ২০২৮ চনত ভাৰতে জার্মানিক পিছ পেলাব আৰু দেশৰ অৰ্থনীতি হ'ব ৫.৭ ত্রিলিয়ন (৫.৭ লাখ কোটি) ডলাৰৰ।
২০২৩ চনত ভাৰতৰ অর্থনীতি আছিল ৩.৫ ত্রিলিয়ন (৩.৫ লাখ কোটি) ডলাৰৰ। মর্গান ষ্টেনলীৰ মতে, ১৯৯০ চনত ভাৰত আছিল বিশ্বৰ দ্বাদশ বৃহত্তম অৰ্থনীতিৰ দেশ। কিন্তু ২০০০ চনত ইয়াৰ স্থান ত্রয়োদশলৈ অৱনমিত হয়। কিন্তু ২০২০ চনত ভাৰতৰ স্থান নৱমলৈ আৰু ২০২৩ চনত পঞ্চমলৈ উন্নীত হয়। ২০২৯ চনত বিশ্বৰ জি ডি পিত ভাৰতৰ অংশ বৰ্তমানৰ ৩.৫ শতাংশৰ পৰা ৪.৫ শতাংশলৈ বৃদ্ধি পাব বুলিও এই প্রতিবেদনত কোৱা হৈছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment