ডিজিটেল ডেস্কঃ মুছলমানসকলৰ পৱিত্ৰ মাহৰ 'ৰমজান' 'জুম্মা' নামাজৰ সৈতে শুকুৰবাৰে একেদিনাই পালন কৰা ৰঙৰ উৎসৱ হোলী উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত কটকটীয়া নিৰাপত্তাৰ মাজেৰে উদ্যাপন কৰা হয়।
উত্তৰ প্ৰদেশৰ বাৰাবাংকীত বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগে শান্তিভাবে 'হোলী' উৎসৱ পালন কৰে। আনহাতে, শুকুৰবাৰে বাৰাবাংকী দৰগাহত বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকে একেলগে 'জুম্মা'ৰ নামাজ আৰু হোলী উৎসৱত অংশ লৈ সম্প্ৰীতিৰ নিদর্শন দাঙি ধৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গাই গৰু আৰু পোৱালিবোৰক গোৰক্ষনাথ মন্দিৰৰ প্ৰাংগণত ৰং সানি হোলী উদযাপন কৰে।
সমাজ বাদী পাৰ্টিৰ নেতা অখিলেখ যাদৱেও হোলী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লয়। ইফালে, উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূর্ণভাৱে হোলী উদ্যাপন আৰু 'জুম্মা' নামাজ সম্পন্ন হয়। সম্ভলৰ শ্বাহী জামা মছজিদত শান্তিপূর্ণভাৱে 'জুম্মা' নামাজ শুকুৰবাৰে সম্পন্ন হয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment