• তিনি সুঁতিৰ মিলন...

    সম্পাদকীয়
    তিনি সুঁতিৰ মিলন...

    ৰাজগড় ৰোডত ৰিক্সা ষ্টেণ্ডত থকা ৰিক্সাচালকসকলৰ হঠাতে মনলৈ এটা শংকা আহিল৷ লগে লগে তেওঁলোক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিল৷ কাইলৈৰ পৰা তেওঁলোকৰ কি হ’ব? কেনেকৈ পৰিয়ালটোক পোহপাল দিব? তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি নতুনকৈ স্থাপন হোৱা ই-ৰিক্সাৰ ষ্টেণ্ডটোৱে প্ৰত্যাহ্বান কঢ়িয়াই আনিব নেকি? মানুহ কম খৰচত, কম সময়তে গন্তব্য স্থান পাবগৈ পাৰে ই-ৰিক্সাত উঠি৷ সেয়ে মানুহ এতিয়া ৰিক্সাত উঠিবলৈ এৰি ই-ৰিক্সাৰ প্ৰতি আকৰ্ষিত হৈছে৷ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা শেহতীয়া অসমীয়া চিনেমা ‘ৰণুৱা’ত ৰিক্সা চালকৰ জীৱনলৈ ই-ৰিক্সাই অনা প্ৰত্যাহ্বানক সুন্দৰকৈ প্ৰতিফলিত কৰিছে ৷ দিন যোৱাৰ লগে লগে ৰিক্সা চালকৰ জীৱনলৈ অহা এই শংকা অমূলক বুলি প্ৰমাণিত হ’ল ৷ অৰ্থাৎ ৰিক্সা আৰু ই-ৰিক্সা নিজৰ নিজৰ বাটত চলি থাকিল৷ কোনো কাৰো প্ৰত্যাহ্বান হৈ নপৰিল ৷ সংবাদ মাধ্যমৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কিছুমান চিন্তা-চেতনা দেখিবলৈ পোৱা গৈছে ৷





    শেহতীয়াকৈ পৃথিৱীৰ সংবাদ জগতত ব্যাপক পৰিৱৰ্তন ঘটিছে৷ প্ৰথম যেতিয়া বাতৰি কঢ়িয়াই অনা মাধ্যম হিচাপে নিউজ চেনেলৰ আৱিৰ্ভাৱ ঘটিছিল, তেতিয়া কিছু লোকে আশংকা কৰিছিল যে বাতৰি কাকতবোৰ আৰু নাথাকে৷ মুহূৰ্তৰ বাতৰি মুহূৰ্ততে লৈ আহিছিল নিউজ চেনেলবোৰে৷ অসমৰ মানুহৰ বাবেও এই অভিজ্ঞতা আছিল তেনেই নতুন আৰু অভিনৱ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ভাল লগা, বেয়া লগা সকলো খবৰ ঘৰত বহি টেলিভিছনৰ পৰ্দাত চোৱাৰ আমেজ আছিল সুকীয়া৷ হয়, টেলিভিছনৰ আৱিৰ্ভাৱ আৰু ইয়াৰ প্ৰভাৱে ছপা মাধ্যমৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল৷ কিন্তু সেয়া আছিল তেনেই ক্ষন্তেকীয়া৷ দিন যোৱাৰ লগে লগে ছপা মাধ্যম পুনৰ আগৰ স্থানলৈ উভতি আহিল৷ কিছুমান নেতিবাচক প্ৰচাৰেহে ছপা মাধ্যমৰ ক্ষতি কৰিছে৷ এই ধৰক গুৱাহাটীৰ কেইজনমান প্ৰকাশকে অহৰহ যদি কৈ থাকে, কিতাপৰ বিক্ৰী নাই, কিতাপ নপঢ়ে বুলি স্বাভাৱিকতে মানুহৰ মনস্তত্ত্বত ইয়াৰ প্ৰভাৱ পৰিব৷ অথচ ইয়াৰ মাজতে ভাল কিতাপৰ মাহটোতে একাধিক সংস্কৰণ প্ৰকাশ পাইছে৷ ইয়াত দুটা উদাহৰণ দিব বিচাৰো৷





    প্ৰথমটো হ’ল – ৰূপম দত্তৰ ‘লাইফ অব্ এ ড্ৰাইভাৰ’ আৰু ৰীতা চৌধুৰীৰ ‘মৰে অসম জীয়ে কোন?’ ‘লাইফ অব্ এ ড্ৰাইভাৰ’ৰ দুমাহত ১੦টামান সংস্কৰণ প্ৰকাশ পাইছিল৷ সেইদৰে ৰীতা চৌধুৰীৰ ‘মৰে অসম জীয়ে কোন’ৰ জনপ্ৰিয়তা আছিল অভূতপূৰ্ব৷ দুয়োখন কিতাপৰ এটা সংস্কৰণত ২੦੦੦ কপিকৈ ছপা হৈছিল৷ ভাল কিতাপৰ মৃত্যু নাই৷ অৰ্থাৎ ছপা আখৰৰ গুৰুত্ব অপৰিসীম৷ পাঠকৰ মাজলৈ অসমীয়া ভাল ভাল কিতাপবোৰ এতিয়া পিডিএফৰ ৰূপত গৈছে৷ ইয়ালৈ পঢ়ুৱৈৰ সঁহাৰিও অপৰিসীম৷ সেইদৰে টিভিৰ জনপ্ৰিয়তাৰ সমানে বাতৰি কাকত পুনৰ পঢ়ুৱৈৰ মাজলৈ ঘূৰি আহিছে৷ এইক্ষেত্ৰত বাতৰি কাকতৰ স্বত্বাধিকাৰীসকলে এটা প্ৰতিযোগিতামূলক মনোভাব লৈ যদি নাহে,





    তেতিয়াহ’লে সময়ৰ সোঁতত সেইবোৰ বাতৰি কাকতৰ মৃত্যু হোৱাটো স্বাভাৱিক৷ ইয়াৰ বাবে টিভি জগৰীয়া নহয়৷ আজিৰ এই ডিজিটেল যুগতো ‘আনন্দ বাজার পত্ৰিকা’ আৰু ‘The Telegraph’ৰ জনপ্ৰিয়তা কাৰো সৈতে তুলনা নহয়৷ মালিক পক্ষই প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ নিৰ্বাচিত সাংবাদিক, সম্পাদক, নিউজ প্ৰিণ্ট, কৰ্মচাৰী আৰু বিতৰণ প্ৰক্ৰিয়াত কোনোধৰণৰ আপোচ কৰিব নালাগিব৷ য’তেই আপোচ হৈছে, তাতেই মৃত্যু হৈছে সংবাদ মাধ্যমৰ৷
    কোনোবাই ভাবিছিল নে নিউজ চেনেলৰ প্ৰতিও এদিন প্ৰত্যাহ্বান আহিব বুলি? আজি আমি যিটো যুগত থিয় হৈ আছো, এই যুগটোত নিউজ চেনেল তথা টিভিৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ডিজিটেল মিডিয়াই৷ ডিজিটেল মিডিয়াৰ আগ্ৰাসী ৰূপৰ ওচৰত হাহাকাৰ কৰি উঠিছে টিভিয়ে৷





    ডিজিটেল যুগত আধুনিক প্ৰজন্মই প্ৰতিটো খবৰ মুহূৰ্তত লাভ কৰাৰ লগতে একোটা ৰাজনৈতিক পৰিঘটনাৰ চমু বিশ্লেষণ হাতত থকা মোবাইলটোতে চাব পাৰিছে৷ ডিজিটেল মিডিয়াৰ ওপৰত এতিয়া সমগ্ৰ পৃথিৱী নিৰ্ভৰশীল৷ অসমতো ব্যাপক সম্প্ৰসাৰণ ঘটিছে ডিজিটেল মিডিয়াৰ৷ ডিজিটেল মিডিয়া কোনো কাকত বা টিভিৰ ছাঁয়া হৈ থকা নাই৷ ই এটা স্বয়ংসম্পূৰ্ণ সংবাদ মাধ্যম৷ দিন আগবঢ়াৰ লগে লগে এইটো প্ৰমাণিত হ’বলৈ গৈ আছে যে ছপা মাধ্যম তথা কিতাপ, বাতৰি কাকত, টিভি তথা নিউজ চেনেল আৰু ডিজিটেল মিডিয়া কোনো, কাৰো শত্ৰু নহয়৷ সকলো নিজৰ নিজৰ ঠাইত থাকি সংবাদসেৱা কৰি গৈছে৷ প্ৰতিটো মাধ্যমে নিজৰ সৰ্বস্ব উজাৰি ৰাইজৰ কথাবোৰ ক’বলৈ গৈছে৷ কিন্তু সংবাদ মাধ্যম সদায় প্ৰতিষ্ঠানবিৰোধী ভূমিকাত থাকিবই লাগিব৷





    চৰকাৰৰ ভাল কামবোৰৰ প্ৰশংসা যিদৰে হ’ব লাগে, সেইদৰে জনবিৰোধী কাম-কাজৰ তীক্ষ্ণ সমালোচনা কৰাৰ সাহস লাগিব৷ যি সংবাদ মাধ্যমৰ এই সাহস আছে, সেই সংবাদ মাধ্যমক ৰাইজে নিজৰ বুলি আঁকোৱালি লৈছে৷ চৰকাৰৰ আশীৰ্বাদধন্য হ’বলৈ গৈ যিবোৰ সংবাদ মাধ্যমে জনতাক বিভ্ৰান্ত কৰে, সেই সংবাদ মাধ্যম ৰাইজৰ চকুত ধৰা পৰে৷ এই ডিজিটেল যুগত কোনো ফাঁকি আৰু কাৰচাজিয়ে কাম নিদিয়ে৷ একোটা বাতৰি কি উদ্দেশ্যত পৰিৱেশন কৰা হয়, সেয়া সংবাদ গোষ্ঠী, সাংবাদিকতকৈ সমাজৰ সচেতন নাগৰিকে অধিক বুজি পায়৷ ৰাইজ এতিয়া একোটা চিটিস্কেন মেচিনৰ দৰে৷






    জনপ্ৰিয়তা সস্তীয়া, মুখৰোচক, প’ৰ্ণৰ দ্বাৰা আৰ্জিবলৈ বিচৰা স্থূল মানসিকতাক একপ্ৰকাৰ ৰোগ বুলি আধুনিক সমাজত গণ্য কৰা হয়৷ ‘প্ৰাগ ডিজিটেল’ৰ সম্পাদক হিচাপে প্ৰথমটো সম্পাদকীয়ৰ জৰিয়তে চেষ্টা চলাম অসমীয়া মানুহৰ সুখ-দুখৰ কথাবোৰ ৰাজহুৱা কৰাৰ৷ আমি পাৰ্যমানে চেষ্টা চলাম আমাৰ এচাম ৰুচিশীল আৰু হৃদয়ৱান পঢ়ুৱৈ তথা দৰ্শক সৃষ্টি কৰিবলৈ৷
    আপোনালোকৰ আশিসপ্ৰাৰ্থী


    @stak('js')