• নায়ক হোৱাৰ পথত নেফিঅ’ ৰিঅ’

    সম্পাদকীয়
    নায়ক হোৱাৰ পথত নেফিঅ’ ৰিঅ’

    প্ৰতিবাদী জনতাৰ কাষত থিয় হোৱাৰ সাহস থকাৰ কাৰণেই আজিও নগালেণ্ডৰ ৰাজনীতি আৰু সমাজ জীৱনত প্ৰাসংগিক হৈ আছে নেফিঅ’ ৰিঅ’। যেতিয়াই নগালেণ্ডৰ জনতাই অস্তিত্বৰ সংকটত ভুগিছে, তেতিয়াই জনতাৰ মাজলৈ দৌৰি গৈছে ৰিঅ’। যেতিয়াই নগালেণ্ডৰ মানুহে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, তেতিয়াই নেফিঅ’ ৰিঅ’ এগৰাকী জনতাৰ নেতা হিচাপে প্ৰতিবাদী মানুহৰ কাষত থিয় হৈছে।









    ইয়াৰ শেহতীয়া উদাহৰণ হ’ল ৪ ডিচেম্বৰ, ২০২১ত নগালেণ্ডৰ মন জিলাত ১৪জনকৈ কয়লাখনিত কৰ্মৰত শ্ৰমিকক গুলীয়াই হত্যা কৰাৰ ঘটনা। কয়লাখনিত দিনটোৰ কাম সম্পন্ন কৰি ঘৰলৈ উভতি অহা শ্ৰমিকসকলক ‘অসম ৰাইফলছ’ৰ জোৱানে গুলীয়াই হত্যা কৰিছিল। সৰ্বমুঠ ১৪জন শ্ৰমিক মৃত্যু মুখত পৰাৰ পাছতে নগালেণ্ডৰ সৰ্বত্ৰ ক্ষোভৰ সৃষ্টি হয়। এয়াই নহয়, ইয়াৰ পাছতে স্বতঃস্ফূৰ্তভাৱে নগালেণ্ডৰ জনতা ঘৰৰ পৰা ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ অৰ্থে ওলাই আহে। আনকি প্ৰতিবাদী জনতাই ‘অসম ৰাইফলছ’ৰ ছাউনী ঘেৰাও কৰি ৰাখিছিল। নগালেণ্ডৰ ৰাইজে এই হত্যাৰ বিচাৰ বিচাৰি সমৱেত হৈছিল।










    যিখন আইনৰ অধীনত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে নগালেণ্ডৰ মন জিলাত ১৪জনকৈ শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল, সেই আইনখন আছিল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ ‘আফস্পা’। সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত নগালেণ্ডত ৪ ডিচেম্বৰৰপৰা আজিপৰ্যন্ত জনতাৰ প্ৰতিবাদ অব্যাহত আছে। উল্লেখযোগ্য যে, ৪ ডিচেম্বৰৰ নৃশংস গণহত্যাৰ পাছতে মন জিলাত অনুষ্ঠিত হৈছিল এখন বৃহৎ প্ৰতিবাদী ৰাজহুৱা সভা। নগালেণ্ডৰ আটাইবোৰ দল-সংগঠন, ৰাজনৈতিক নেতা উপস্থিত আছিল এই সভাত। এই সভাখন অনুষ্ঠিত হৈছিল নগালেণ্ডৰপৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ ‘আফস্পা’ প্ৰত্যাহাৰ কৰাৰ দাবীত। সকলোকে আচৰিত কৰি ‘আফস্পাবিৰোধী নাগালেণ্ডৰ সহস্ৰাধিক প্ৰতিবাদী জনতাৰ মাজত থিয় হৈছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’।









    নেফিঅ’ ৰিঅ’ই এই সভাখনত উপস্থিত হৈ ৰাইজৰ লগতে ৰাজ্যখনৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী তুলিলে। নেফিঅ’ ৰিঅ’ৰ এই স্থিতিয়ে কেন্দ্ৰীয় চৰকাৰকো জোকাৰি গ’ল। প্ৰথম কথা হ’ল, নগালেণ্ডৰ অকংগ্ৰেছী চৰকাৰখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’। নগালেণ্ড বিধানসভাত নেফিঅ’ ৰিঅ’ই প্ৰতিনিধিত্ব কৰা এনডিপিপি অৰ্থাৎ নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ অংশীদাৰ। নগালেণ্ড বিধানসভা মুঠ ৬০খন আসনৰ ১৮খন এনডিপিপিৰ দখলত আছে। চৰকাৰৰ অংশীদাৰ আনটো দল হ’ল নগা পিপল’ছফ্ৰণ্ট অৰ্থাৎ এনপিএফ। এই দলটোৰ দখলত আছে ২৬খন আসন। নগালেণ্ড বিধানসভাত বিজেপিৰ আসনৰ সংখ্যা ১২খন। কথাটো এইকাৰণেই উল্লেখ কৰা হৈছে যে, নেডা অৰ্থাৎ উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ অংশীদাৰ হৈ আছে নগালেণ্ডৰ নেফিঅ’ ৰিঅ’ নেতৃত্বাধীন মৰ্চা চৰকাৰখনো। তিনিটা ভিন্ন ৰাজনৈতিক দল মিলি নগালেণ্ডত চৰকাৰ গঠন কৰিছে নেফিঅ’ ৰিঅ’ই। সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অপ-ব্যৱহাৰেৰে নগালেণ্ডত ১৪জন ব্যক্তিক হত্যা কৰাৰ পাছত ৰাজ্যখনৰ আটাইবোৰ ৰাজনৈতিক দলে এই আইনখনক ‘ক’লা আইন’ আখ্যা দিয়াই নহয়, ইয়াক প্ৰত্যাহাৰৰ দাবী একেমুখে উত্থাপন কৰে।









    নগালেণ্ডত হোৱা এই প্ৰতিবাদে অসম আৰু ত্ৰিপুৰা চৰকাৰক বাদ দি কেউখন ৰাজ্যক ঐক্যবদ্ধ কৰি তোলে। অৰ্থাৎ নগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ যি দাবী নেফিঅ’ ৰিঅ’ চৰকাৰে ৰাজহুৱা সভাত তুলিছিল, সেই দাবী লৈ প্ৰথমেই সমৰ্থন জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। ইয়াৰ পাছতে মিজোৰাম, অৰুণাচল, মণিপুৰ চৰকাৰেও এইখনক ক’লা আইন আখ্যা দি প্ৰত্যাহাৰৰ দাবী জনায়। ত্ৰিপুৰা চৰকাৰে এই দাবীক আনুষ্ঠানিকভাৱে সমৰ্থন দিয়া নাই। কিন্তু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে মাণিক সৰকাৰ থকা অৱস্থাতে ৰাজ্যখনত এই আইনখন বলবৎ হ’বলৈ দিয়া নাছিল। যাৰ বাবে ত্ৰিপুৰাত ‘আফস্পা’ নাই।










    অসমে এইক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰে। অসম চৰকাৰে ৰাজ্যখনত এজন উগ্ৰপন্থী থকালৈকে ‘আফস্পা’ বলবৎ হৈ থাকিব বুলি ঘোষণা কৰে। সাধাৰণতে অসমত কোনো দাবীৰ ক্ষেত্ৰত ৰাজনৈতিক দল তথা সংগঠনবোৰ ঐক্যবদ্ধ হোৱাৰ নজিৰ নাই। অসমৰ অবৈধ বিদেশী নাগৰিকৰ বিষয়টোতে ৰাজনৈতিক দলবোৰ ঐক্যবদ্ধ নহ’ল। ফলত এই সমস্যাটো আজিও জটিল হৈ আছে আৰু এতিয়া এই সমস্যাটোক লৈ ছাত্ৰ সংগঠনৰ পৰা বিজেপিলৈকে ভোটৰ ৰাজনীতি চলি আছে। আনকি ‘কা’বিৰোধী গণআন্দোলনৰ সময়তো অসমৰ দল-সংগঠনবোৰ ভাগ ভাগ হৈ থাকিল। ‘কা’বিৰোধী আন্দোলনৰ সময়ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে ৰাইজৰ দাবীৰ বিপৰীতে গৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছিল। আনকি আন্দোলনকাৰীৰ মাজত বিভাজন ঘটাই একাংশক গ্ৰেপ্তাৰ কৰি আন একাংশক সকলোপ্ৰকাৰে সহযোগ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল আন্দোলন বিফল কৰা। এইক্ষেত্ৰত চৰকাৰ সফলো হ’ল।










    নগালেণ্ডৰ দৰে এখন সৰু ৰাজ্যই তোলা এটা দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ইমান বেছি গুৰুত্ব দিয়াৰ কাৰণ কি হ’ব পাৰে? এই কথাটো অসমৰ ৰাজনৈতিক দলবোৰে দলীয় চিন্তা আৰু আদৰ্শৰ ঊৰ্ধ্বলৈ গৈ এবাৰ ভাবি চোৱাৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে দেখা পালে যে নগালেণ্ডৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী বিজেপিয়েও কৰিছে। আনকি নগালেণ্ডৰ সাংসদ, বিজেপিৰ ৰাজ্যিক সভাপতি, স্থানীয় নেতা সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰিছে আৰু তাৎক্ষণিকভাৱে ক’লা আইনখন প্ৰত্যাহাৰৰ দাবী তুলিছে। অৰ্থাৎ কেন্দ্ৰই এই আইনখনৰ সমৰ্থনত বিজেপিৰ স্থানীয় নেতাসকলক থিয় কৰাব নোৱাৰিলে। তদুপৰি দেখা পালে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিটো ৰাজনৈতিক দলে ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী তুলিছে। বিষয়টো খেলিমেলি কৰি কৃতিত্ব লোৱাৰ চেষ্টা যিসকলে চলাইছিল, তেওঁলোক সফল হ’ব নোৱাৰিলে। উল্লেখযোগ্য যে নগালেণ্ডত গণহত্যাৰ বলি হোৱা ১৪জন লোকৰ পৰিয়ালে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা ধন ল’বলৈ যেতিয়া আগ্ৰহ নেদেখুৱালে আৰু হত্যাৰ বিনিময়ত পৰিয়ালৰ লোকক দিয়া চৰকাৰী চাকৰি প্ৰত্যাখান কৰিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ বুকু কঁপি উঠিল। সৰ্বশেষত নগালেণ্ড বিধানসভাত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ উদ্যোগত ৰাজ্যখনৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবীত আটাইবোৰ ৰাজনৈতিক দলে প্ৰস্তাৱ গ্ৰহণ কৰিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত কোনো বিকল্প নাছিল।










    অৱশেষত বিগত ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। ডেৰমাহৰ ভিতৰত নগালেণ্ডৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰ সম্পৰ্কত প্ৰতিবেদন দিবৰ বাৰবে এখন সমিতি গৃহমন্ত্ৰী অমিত শ্বাহে গঠন কৰি দিয়ে। ৪৫দিনৰ পাছত নগালেণ্ডৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’বলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হ’ব। নগালেণ্ডৰ ৰাজনৈতিক দল আৰু জনতাৰ দাবী আৰু ঐক্যবদ্ধ সংগ্ৰামক কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিবলৈ ওলাইছে। নগালেণ্ডৰ এই ৰাজনীতি আৰু একতাই অসমৰ ৰাজনৈতিক দল-সংগঠনবোৰক কিবা শিক্ষা দিবনে? ৰাজ্যখনৰ উমৈহতীয়া স্বাৰ্থবোৰক গুৰুত্বহীন কৰি ব্যক্তিস্বাৰ্থক অগ্ৰাধিকাৰ দিয়া অসমৰ দল-সংগঠন আৰু ৰাজনীতিকে নেফিঅ’ ৰিঅ’ তথা নগা জনতাৰ পৰা শিক্ষা লওক।