• মোদীক লৈ দেশত এখন মনস্তাত্ত্বিক যুঁজ

    সম্পাদকীয়
    মোদীক লৈ দেশত এখন মনস্তাত্ত্বিক যুঁজ
    সফলতা আৰু বিফলতাৰ সংজ্ঞা মানুহ ভেদে ভিন্ন৷ এগৰাকী ব্যৱসায়ীয়ে তেওঁৰ সফলতা জুখিব বেংক বেলেন্স, সম্পত্তি আৰু ব্যৱসায়ৰ পৰিধিৰে৷ দিন-ৰাতি যিকোনো এগৰাকী ব্যৱসায়ী তথা উদ্যোগীক এটা সপোনে খেদি ফুৰে, সেয়া হ’ল– ব্যৱসায়ৰ উত্তৰণ৷ আম্বানী, আদানিৰ পৰা আৰম্ভ কৰি অসমৰ যিকোনো এগৰাকী সফল ব্যৱসায়ীৰ উদ্দেশ্য প্ৰায় একেই৷ কিন্তু ইয়াৰ মাজতো দুই ধৰণৰ ব্যৱসায়ী থাকে৷ এবিধে কেৱল নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য বিস্তাৰত মনোনিৱেশ কৰে আৰু খুব কমসংখ্যক সফল ব্যৱসায়ীয়ে তেওঁ বাস কৰা সমাজখনৰ অসহায় মানুহখিনিৰ হিতৰ বাবেও কিবা এটা কৰিব লাগে বুলি অনুভৱ কৰে৷

    এগৰাকী লেখক বা শিল্পীৰ সপোন হ’ল– সমাজৰ ন্যায়-অন্যায় বিচাৰ কৰি তাৰ সপক্ষে বা বিপক্ষে মাত দিয়া৷ লেখক-শিল্পীৰ সফলতাৰ সংজ্ঞা এগৰাকী সফল ব্যৱসায়ীৰ সফলতাৰ সংজ্ঞাৰ সৈতে প্ৰভেদ থাকিব পাৰে৷ লেখকে নিজৰ লেখা তথা এখন গ্ৰন্থত মানুহৰ কথা কলমেৰে লিখে৷ শিল্পীয়ে মানুহৰ মনৰ বিৰুদ্ধে গৈ অৱস্থান ল’লে কি হয়, সেয়া অসমৰ ৰাইজক নতুনকৈ ক’ব নালাগে৷ প্ৰখ্যাত সংগীত শিল্পীৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় অভিনেতালৈকে যেতিয়াই তেওঁলোকে গণ মতৰ বিৰুদ্ধে স্থিতি লৈছে, তেতিয়াই জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰিছে৷ কাৰণ জনতাৰ প্ৰত্যক্ষ মৰম আৰু আশীৰ্বাদ অবিহনে কোনো লেখক, শিল্পী বৰ্তি থাকিব নোৱাৰে৷ একেদৰে এজন বিজ্ঞানীয়েও জনকল্যাণৰ হকে পৰীক্ষাগাৰত নীৰৱে সাধনা কৰে৷ চন্দ্ৰযান-৩ৰ সফলতাৰ আগমুহূৰ্তলৈকে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জ্ঞাতই নাছিল কোন সেইসকল বিজ্ঞানী, যিয়ে এখন দেশক বিশ্বৰ বুকুত উজলাই তুলিবলৈ সক্ষম হ’ল৷ বিজ্ঞানীৰ নীৰৱ সাধনাৰ সফলতা চন্দ্ৰযান-৩ত প্ৰতিফলিত হৈছিল৷

    ৰাজনীতিও এক কলা৷ শিল্প, সাহিত্য যিদৰে জনতাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত, সেইদৰে ৰাজনীতিও সমাজৰ প্ৰতিজন মানুহৰ সৈতে পোনপটীয়াকৈ সংপৃক্ত৷ অথচ এই ৰাজনীতিক লৈ আমাৰ দেশৰ বেছিভাগ মানুহ উদাসীন৷ বহুতে ৰাজনীতি তেওঁলোকৰ বোধগম্য নহয় বুলি ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে৷ বেছিভাগে ৰাজনীতি বেয়া মানুহৰ লীলা-খেলা বুলি ইয়াক অগ্ৰাহ্য কৰি আহিছে৷ এই গোটেই ধাৰণাটোৰ বাবে দায়ী সমাজৰ শিক্ষিতচাম লোকৰ লগতে সেইসকল ৰাজনীতিক, যিসকলে ইয়াক ঘৃণাৰ এক পাত্ৰ হিচাপে প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা কৰিছে৷ ৰাজনৈতিক নেতাই বিৰোধীক সমালোচনা কৰিবলৈ যাওঁতে শৌচালয়ৰ টেংকি, কুফা, মগজহীন আদি শব্দ ব্যৱহাৰ যেতিয়া কৰে, তেতিয়াই বহু শিক্ষিত লোক আহত হয়৷

    ভাৰতবৰ্ষৰ দৰে দেশত গণতন্ত্ৰ শক্তিশালী হ’বলৈ প্ৰয়োজন শক্তিশালী বিৰোধীৰ৷ শক্তিশালী বিৰোধীয়ে শাসক পক্ষই গ্ৰহণ কৰা প্ৰতিটো জনবিৰোধী কাম-কাজৰ নিয়মমাফিক বিৰোধ কৰাই নহয়, ভুল ক’ত, সেয়া তথ্যসহ উদঙাই দিব পাৰিব লাগিব৷ একেদৰে ভাৰতীয় গণতন্ত্ৰৰ মূল চালিকা শক্তি চাৰিটা৷ কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল আৰু সংবাদ মাধ্যম৷ বিধানমণ্ডলত শাসক পক্ষৰ লগতে বিৰোধীয়েও সমমৰ্যাদা পাব লাগিব৷ সম্প্ৰতি কাৰ্যপালিকাক লৈ জনতাৰ আগ্ৰহ নোহোৱা হৈছে৷ তেলেংগানাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দৰে দায়িত্বশীল পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে নিৰ্বাচনত শাসক দলৰ পতনৰ লগে লগে ক্ষমতালৈ আহিবলগীয়া দলটোৰ নেতাক ফুলৰ তোৰা উপহাৰ দি নিলম্বিত হৈছে৷ এয়া আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ তৈল-মৰ্দনৰ বাহিৰে একো নাছিল৷ আত্মমৰ্যাদা নোহোৱা এনেকুৱা প্ৰশাসনীয় বিষয়াৰে ভৰি পৰিছে ৰাজ্য, ভৰি পৰিছে দেশ৷ উচ্ছস্তৰীয় প্ৰশাসনীয় বিষয়াৰ ৰাজহাড় আৰু আত্মমৰ্যাদা নোহোৱাত ৰাজনৈতিক নেতাসকলে এওঁলোকক ন্যূনতম সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি এতিয়া অনুভৱ নকৰে৷ অৱশ্যে শিক্ষিত আৰু সংস্কৃতিৱান ৰাজনৈতিক নেতাই বিৰোধীকে নহয়, কাৰ্যপালিকাৰ দায়িত্বশীল বিষয়াক সন্মান প্ৰদৰ্শন কৰা দেখিবলৈ পাওঁ৷ 

    এটা সময়ত অসমতো চৰকাৰ সলনিৰ লগে লগে মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানৰ দৰে বিষয়াই পলায়ন কৰা আমি দেখিছোঁ৷ ইয়াৰ কাৰণ হ’ল– এওঁলোকে জনতা, সংবাদ মাধ্যম, বিৰোধী কাকোকে গণ্য নকৰাকৈ কেৱল চৰকাৰৰ পোহনীয়া ব্যক্তিৰ দৰে আচৰণ কৰি জনবিৰোধী ভূমিকা পালন কৰা৷ কাৰ্যপালিকাৰ সেইসকল প্ৰশাসনীয় বিষয়ায়ো জানে তেওঁলোক যে লাহে লাহে গণবিচ্ছিন্ন হৈ চৰকাৰৰ আজ্ঞাবাহী ভৃত্যত পৰিণত হৈছে৷ ইয়াৰ বাবে এওঁলোক গণৰোষৰ পৰা বাচিবলৈ হয় পলায়ন কৰে, নহয় নতুন চৰকাৰৰ ওচৰত আঁঠু লয়৷ তেলেংগানাৰ সেইগৰাকী নিলম্বিত আৰক্ষী সঞ্চালকপ্ৰধানে ইয়াকে প্ৰমাণ কৰিলে৷

    বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনীতিয়ে নতুন গতি লৈছে৷ এই ৰাজনীতিত কাৰ্যপালিকা, সংবাদ মাধ্যম সম্পূৰ্ণকৈ উপেক্ষিত নতুবা নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দেশত বৰ্তমান এনেকুৱা কোনো প্ৰশাসনীয় বিষয়াৰ নাম আমি শুনা নাই, যি চৰকাৰৰ কোনোবা এটা কামৰ বিৰোধ কৰিছে৷ অৰ্থাৎ কাৰ্যপালিকা পৰিচালনা কৰা বিষয়াসকলে চৰকাৰৰ প্ৰতিটো কামক সমৰ্থন কৰিছে বুলি আমি ভাবিব পাৰো নেকি? সেয়া লাগিলে কৃষি আইনে হওক বা বিত্তীয় ক্ষেত্ৰত জনসাধাৰণৰ ওপৰত আৰোপ কৰা কৰৰ তালিকাই হওক৷ এইবোৰৰ বিৰুদ্ধে দেশত সংগঠিত আৰু অসংগঠিত ৰূপত ক্ষোভৰ বহিপ্ৰৰ্কাশ ঘটিছে৷ অথচ চৰকাৰক এই আইনবোৰ কাৰ্যকৰী কৰিলে জনতাৰ যে লাভ নহয়, সেই কথাটো কাৰ্যপালিকাৰ দায়িত্বত থকা বিষয়াসকলে চৰকাৰক হয় ভয়, নহয় নিজৰ চাকৰিৰ সুৰক্ষাৰ স্বাৰ্থত সমৰ্থন কৰিছে৷ 

    এই ক্ষেত্ৰত গণতন্ত্ৰৰ অন্যতম দুটা স্তম্ভই নিজৰ স্থিতি ধৰি ৰাখিবলৈ চেষ্টা চলাইছে৷ এয়াও এখন যুঁজ৷ ন্যায়পালিকাৰ ভূমিকা সম্প্ৰতি দেশজুৰি আলোচিত হৈছে৷ কেন্দ্ৰত যিমানে শক্তিশালী চৰকাৰ নাথাকক, উচ্ছতম ন্যায়ালয়ে বৰ্তমান কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে৷ আমি পূৰ্বতেও ‘প্ৰতিপক্ষ’ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ প্ৰসংগ আলোচনা কৰিছো৷ কিদৰে এজন ব্যক্তিৰ দৃঢ়তা আৰু সত্য অন্বেষণৰ প্ৰচেষ্টাই আদালতৰ মজিয়াত এখন দেশৰ সাধাৰণ নাগৰিকক ন্যায় দিয়াৰ চেষ্টা চলাইছে, সেই প্ৰচেষ্টা এতিয়া ঘোপমৰা আন্ধাৰৰ মাজত এচমকা পোহৰ হিচাপে প্ৰতিফলিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ এগৰাকীয়ে দেশৰ ন্যায়পালিকাৰ গৰিমা বঢ়োৱাই নহয়, দেশত আইনৰ ওপৰত যে কোনো নাই, সেয়া বাৰে বাৰে প্ৰমাণ কৰিছে৷ ভাৰতীয় গণতন্ত্ৰত ন্যায়ালয়ে জনতাৰ পক্ষত কিমান শক্তিশালী ভূমিকা পালন কৰিব পাৰে, সেয়া আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেখুৱাইছে৷

    গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমো বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ সংবাদ মাধ্যমে ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ যিকোনো স্থানত জনমত গঠনত সকলোতকৈ প্ৰভাৱশালী ভূমিকা পালন কৰিব পাৰে৷ আমেৰিকাৰ দৰে দেশত মুক্ত সাংবাদিকতাৰ সন্মান আন একোৰে জুখিব নোৱাৰি৷ ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট˜পতি জ’ বাইডেনেও সংবাদ মাধ্যমৰ মুখামুখি হ’বলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণ এইটোৱে৷ দুৰ্ভাগ্যৰ কথা যে প্ৰেছ ফ্ৰিডমৰ সূচাংকত ১৮০খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান ১৬১৷ এই সূচাংকই ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা যে সংকুচিত হৈ আহিছে, সেয়া চিহ্নিত কৰিছে৷ যি দেশত সংবাদ মাধ্যম তথা বাক স্বাধীনতাক চৰকাৰে খৰ্ব কৰে, সেই দেশত গণতন্ত্ৰ বিপদাপন্ন বুলি ক’ব পাৰি৷

    সংবাদ মাধ্যম কিদৰে আক্ৰান্ত হৈছে, সংবাদ মাধ্যমক কিদৰে নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে, সেয়া নতুনকৈ আলোচনা কৰিবলগীয়া নাই৷ ইয়াৰ মাজতো নিৰ্দিষ্ট সেইসকল মানুহে মুকলিকৈ কথাবোৰ কৈ গৈছে৷ কিন্তু তেওঁলোকক বদনামী কৰিবলৈকো অতি কৌশলেৰে এটা মহলো দিন-ৰাতি ব্যস্ত হৈ আছে৷ অকুতোভয় সাংবাদিকৰ ব্যক্তিগত জীৱন আৰু অন্য কেতবোৰ প্ৰসংগ টানি আনি তেওঁলোকে উত্থাপন কৰা প্ৰশ্নবোৰ তল পেলাবলৈ অবান্তৰ, অপ্ৰাসংগিক কথা-বতৰাৰ পাতনি মেলা হয়৷ এনেদৰেও এতিয়া ইয়াত সাহসী সাংবাদিকক ভেটা দিয়াৰ নিষ্ফল প্ৰচেষ্টা চলিছে৷ 

    ভাৰতীয় গণতন্ত্ৰৰ সন্মুখত এনেদৰে ন ন প্ৰত্যাহ্বান আগতেও আহিছিল, এতিয়াও আহিছে৷ কিন্তু বৰ্তমান নতুন ৰূপত ইয়াক আৰু অধিক ভয়ংকৰভাৱে  নমাই অনা হৈছে৷ এজন সফল ব্যৱসায়ীৰ সৈতে এজন সাংবাদিক, শিল্পী আৰু লেখকৰ পাৰ্থক্য ইয়াতে৷ কোনো সফল ব্যৱসায়ীয়ে নিজৰ যোগ্যতা আৰু কেতিয়াবা চৰকাৰৰ আশিসধন্য হৈ হেজাৰ কোটিৰ ব্যৱসায় লাভ কৰে৷ পিছে এগৰাকী সফল সাংবাদিক হৈ ৰাবিশ কুমাৰে চাকৰিটো হেৰুৱাবলগীয়া হৈছে৷ দুটা জীৱনৰ পাৰ্থক্য ইয়াতে৷ 

    ৮০-৯০ দিনৰ পাছত অনুষ্ঠিত হ’ব দেশত লোকসভা নিৰ্বাচন৷এই নিৰ্বাচনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ থাকিবগৈ পাৰে! বিজেপিয়ে এই প্ৰভাৱ লোকসভা নিৰ্বাচনলৈকে ধৰি ৰাখিবলৈ চেষ্টা চলাব৷ বিৰোধীক কাবু কৰিবলৈ বিজেপিয়ে হেট্ৰিকৰ প্ৰসংগ আনিছে৷ এয়া বিজেপিৰ ৰাজনীতি৷ পাঁচখন ৰাজ্যৰ নিৰ্বাচনত তিনিখনত বিজেপি জয়ী হোৱাৰ পাছত স্বাভাৱিকতে নেতা আৰু দলীয় কৰ্মীৰ মনোবল বাঢ়িছে৷ কংগ্ৰেছৰ হাতৰ পৰা দুখন ৰাজ্য বিজেপিয়ে জনতাৰ সমৰ্থনত কাঢ়ি লৈছে৷ এখনত নিজৰ শাসন অব্যাহত ৰাখিলে৷ এই ফলাফলৰ পাছতে বিজেপিয়ে আৰম্ভ কৰিছে এখন মনস্তাত্ত্বিক যুঁজ৷ এই যুঁজখনত মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি ঘোষণা কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে লোকসভা নিৰ্বাচনত অসমত তেওঁক চাই নহয়, মোদীক চাইহে ৰাইজে বিজেপিক ভোট দিব৷ এয়া মোদীৰ প্ৰভাৱ নে মোদীৰ ৰাজনীতিৰ পৰিপক্বতা? 

    ইয়াত দেশৰ অৰ্থনৈতিক অৱস্থা, ২০১৯-২০২১ বৰ্ষৰ ভিতৰত ভাৰতত ৩৯,৯৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ খবৰ [সংসদত কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্য] আদি গৌণ৷ বৃহৎ পুঁজিপতিক ১০.৬ লাখ কোটি টকা পাঁচ বছৰত মাফ কৰি দিয়াৰ কথাবোৰ উপৰুৱা যেন লগা হৈছে৷ কিন্তু ২,০০০ টকাৰ ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে আত্মহত্যা কৰা লাখ লাখ কৃষকৰ কথাবোৰো এতিয়া গুৰুত্বহীন৷ এনেদৰেই দেশত মূল বিষয়বোৰ গৌণ কৰি এনেকুৱা কেতবোৰ বিষয়ক মুখ্য হিচাপে তুলি ধৰা হৈছে, যিবোৰে আপোনাৰ প্ৰাইভেট নাৰ্ছিংহোমত চিকিৎসাৰ বাবে দিবলগীয়া লাখ টকাৰ বিলখনত কোনো সহায় নকৰে৷ এম এ, এম এছ চি, ইঞ্জিনীয়াৰিং সম্পূৰ্ণ কৰি পিয়ন, চকীদাৰৰ চাকৰিৰ বাবে আবেদন কৰা যুৱকজনৰ বেদনাক ইয়াত গুৰুত্ব দিয়া নহয়৷ ৰাজনীতিও এতিয়া এক সফল ব্যৱসায়ৰ দৰে৷ মাৰ্কেটিং, ইভেণ্ট ৰাজনীতিৰ প্ৰধান অংগ হৈ পৰিছে৷ আধুনিক যুগত ৰাজনীতিৰ প্ৰধান উপাদান হিচাপে যিবোৰ বিষয়ৰ সংযোগ হৈছে, আজিৰ পৰা দুটা দশকৰ পূৰ্বে এইবোৰৰ কোনো গুৰুত্ব নাছিল৷ 

    সম্প্ৰতি ৰাজনীতিত মনস্তাত্ত্বিক যুঁজখনেহে প্ৰাধান্য পাইছে৷ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব, হেট্ৰিক কৰিব এই ধৰণৰ ধ্বনি শাসক দলে যিদৰে ৰাইজৰ মাজলৈ লৈ গৈছে, ইয়াৰ ধৰণ-কৰণ সম্পূৰ্ণ নতুন৷ মানুহৰ মন-মগজুত ভাৰতত নৰেন্দ্ৰ মোদীৰ কোনো বিকল্প নাই, মোদীৰ বিকল্প হ’ব পৰাকৈ বিৰোধীয়ে নহয়, শাসক দলটো নেতাৰ অভাৱ৷ এই ধৰণৰ এক মানসিকতা ৰাজনৈতিক নেতাৰ লগতে সাধাৰণ মানুহৰ মাজত বিশ্বাসযোগ্যভাৱে সুমুৱাই দিয়া হৈছে৷ এই যুঁজখনৰ সৈতে বিৰোধীয়ে কিদৰে মোকাবিলা কৰিব, সেয়া লক্ষণীয়৷ কিন্তু এই যুঁজত সহেজ বিৰোধী জয়ী হোৱাটো কঠিন৷

    - জিতুমণি বৰা