• ২০২৫-২৬ বিত্তীয় বর্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

    আঞ্চলিক
    ডিজিটেল ডেস্ক : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত  ২০২৫-২৬ বিত্তীয় বর্ষৰ ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে । এই বাজেটত শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পৰ্যটন ক্ষেত্ৰলৈকো বহু ডাঙৰ ঘোষণা কৰা হয়। বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ বাজেটত কৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে - 

    ৰাজ্যৰ ২১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হৈছে । এই বছৰটোত আৰু ৯৭ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হ'ব । ২৫ খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ'ব ।

    কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কর্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ'টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ'ব । এইটো পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ'টন থেৰাপী কেন্দ্ৰ হ'ব ।

    বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি

    ২০২৫-২৬বৰ্ষত অসমৰ চৰ অঞ্চলত জৰীপ আৰম্ভ হ'ব।

     কাৰ্বি আংলং ,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়াৰ কথা ঘোষণা এইবেলিৰ বাজেটত।

    অসম চৰকাৰে নতুন দুটা বিভাগ সৃষ্টি কৰিব। ষ্টাৰ্টআপ, ইনকিউবেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০কোটি টকা ধাৰ্য। বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে ১০০কোটি টকা ধাৰ্য কৰা হৈছে।

    অসমত কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু হাঁহ-কুকুৰা খণ্ডৰ বাণিজ্যিকীকৰণ নীতি ৰূপায়ণৰ বাবে ২৪কোটি টকাৰ আবণ্টন। লগতে পোহনীয়া জীৱৰ হাস্পতাল স্থাপন হ'ব কেইবাখনো জিলাত।

    গাঁওপ্ৰধানসকলৰ দৰমহা ৯হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত

    মিছন বসুন্ধৰাৰ অধীনত অহা ৩বছৰত ৫লাখ ডিজিটেল পট্টা প্ৰদান কৰিব চৰকাৰে। ভূমি প্ৰশাসন কৰ্মচাৰীৰ বাবে ২০০০টা অতিৰিক্ত পদৰ সৃষ্টি।

    সন্ত্ৰাসবাদৰ পথ ত্যাগ কৰি আত্মসমৰ্পণ কৰা গোটসমূহৰ পুুনৰ সংস্থাপনৰ বাবে এইবাৰৰ বাজেটত ৯৮কোটি টকা ধাৰ্য কৰা হৈছে।

    কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হ'ব। ইয়াৰ বাবে ২০কোটি টকা ধাৰ্য কৰিছে বাজেটত।

    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা বাজেটত।

    এনেদৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বাজেটত।

    উৎসঃ দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casinopg soft pragmatic play banjir cuancaptain bounty di pelabuhan ratulucky neko 2025 membarasambaran petir x1000 pragmatic playpersaingan naga pragmatic play x pg softguru salsa menang scatter hitampg soft bagi-bagi cuancuti lebaran 2025 mahyong wins pragmatic playpg soft game penghasil cuan 2025pragmatic play dan pg soft server thailandpragmatic play scatter pecah selayarmenang sensasional pragmatic play x1000scatter pecah x1000 pragmatic playpg soft dan pragmatic play trending 2025pg soft pragmatic play server thailand