ডিজিটেল ডেস্ক: ওড়িশাৰ ভূৱনেশ্বৰস্থিত এখন বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ কেইদিনমানৰ পাছতে নেপালৰ ১৫৯গৰাকী ছাত্ৰ-ছাত্ৰী ৰাক্সাউল সীমান্তইদি ভাৰতৰ পৰা দেশখনলৈ ঘূৰি গৈছে। বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষই নেপালী ছাত্র-ছাত্রীসকলক হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উঠিছিল আৰু ইয়াৰ বাবে এগৰাকী নেপালী ছাত্ৰীয়ে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হৈছিল বুলি তেতিয়া প্রতিবাদী ছাত্র-ছাত্রীসকলে অভিযোগ উত্থাপন কৰিছিল।
উল্লেখযোগ্য যে ওড়িশাৰ কলিংগ ইনষ্টিটিউট অব্ ইণ্ডাষ্ট্রিয়েল টেকন'লজিত নেপালৰ প্ৰায় ১০০০ ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছিল। কাঠমাণ্ডুত সাংবাদিকৰ আগত ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কয় যে কলেজ হোষ্টেলখনত নেপালী ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ পাছত কে আই আই টিত তেওঁলোকক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল। আনহাতে, দেশখনৰ বিদেশ মন্ত্রী আজুবানা দেউবাই বৃহস্পতিবাৰে কয় যে ভাৰতৰ শিক্ষা প্রতিষ্ঠানখনৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছত উদ্ভৱ হোৱা সমস্যা কূটনৈতিক মাধ্যমেৰে সমাধান কৰিব।
(দৈনিক জমনভূমিৰ প্ৰতিবেদন)
Leave A Comment