ডিজিটেল ডেস্ক: অসমবাসীৰ অপেক্ষাৰ অন্ত পেলাই কাইলৈ আকৌ বিশ্ব ৰেৰ্কড গঢ়াৰ দিশে অসম৷ বিহুৰ পাছত এইবাৰ চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্যই খোজ দিব বিশ্বৰ দৰবাৰত৷
সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সৰুসজাইলৈ কেতিয়া যাব সাধাৰণ জনতা৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ঝুমুৰ সন্দৰ্ভত কেইবাটাও তথ্য৷ সোমবাৰ বিয়লি ৫ বাজি ৩০ মিনিটত আৰম্ভ হ’ব ঝুমইৰ বিনন্দিনী কাৰ্যসূচী৷
‘ঝুমইৰ বিনন্দিনী’ উপভোগ কৰিবলৈ সাধাৰণ লোকসকল ৩ বাজি ৩০ মিনিটত প্ৰৱেশ কৰিব লাগিব সৰুসজাই ষ্টেডিয়ামত।
ঝুমুৰৰ অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব অসমবাসীক৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাষণ প্ৰদান কৰিব সৰুসজাই ষ্টেডিয়ামত৷ প্ৰায় ৯ হাজাৰ নৃত্য শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য৷ দেওবাৰে অনুষ্ঠিত হৈছে ঝুমুৰৰ অন্তিম আখৰা৷
Leave A Comment