ডিজিটেল ডেস্কঃ হোজাই জিলাৰ মার্টিনা টুডু নামৰ ছাত্ৰীগৰাকীয়ে প্ৰথমগৰাকী চাওতাল কন্যা হিচাপে সদ্যঘোষিত MBBS পৰীক্ষাত MBBSডিগ্রী লাভ কৰিছে।
প্রথমগৰাকী চাওতাল হিচাপে পৰিগণিত হোৱা মার্টিনাৰ এই সাফল্যই কেৱল নিজৰ জনগোষ্ঠীটোকে নহয়, সমগ্র ৰাজ্যখনকে গৌৰৱান্বিত কৰিছে।
আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছাত্ৰীগৰাকীক অভিনন্দন জনাই কয় যে ৰাজ্যৰ সর্বাংগীণ উন্নয়ন আৰু বিকাশৰ অন্যতম পদক্ষেপ হিচাপে বিদ্যালয়ৰ পৰা চিকিৎসা শিক্ষানুষ্ঠানত সংৰক্ষণলৈ সামৰি ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিছিল। গতিকে মার্টিনা টুডুৰ এনে সাফল্যই স্বাভাৱিকতেই তেওঁক আনন্দিত কৰা বুলিও মুখ্যমন্ত্রীজনে কয়।
ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে- ''ৰাজ্যৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ দিশত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাটো আপোনালোকৰ জ্ঞাত৷ এই ক্ষেত্ৰত চাহ বাগিচা অঞ্চলত বিদ্যালয়ৰ পৰা চিকিৎসা শিক্ষা অনুষ্ঠানত সংৰক্ষণলৈ সামৰি আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ৷
আজি এটি ভাললগা খবৰ শুনি সঁচাকৈয়ে মনটো ভৰি পৰিল৷ সদ্যঘোষিত এম বি বি এছ পৰীক্ষাৰ ফলাফলত মাৰ্টিনা টুডুৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে৷ জানি আপোনালোকেও ভাল পাব যে এই ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীগৰাকী হৈছে অসমৰ প্ৰথমগৰাকী চাওতাল কন্যা! জন্ম জিলা হোজাইৰ লগতে সমগ্ৰ চাওতাল জনগোষ্ঠীৰ বাবে ভাল খবৰ কঢ়িয়াই অনা মাৰ্টিনাৰ অনাগত সময় কৃতকাৰ্যতাৰে ভৰি পৰক, সেয়াই কামনা কৰিলোঁ৷''
মাৰ্টিনাৰ এই সাফল্যত চিনাকি তথা শুভাকাংক্ষীসকলে শুভকামনা আৰু অভিনন্দনেৰে উপচাই দিছে।
Leave A Comment