ডিজিটেল ডেস্ক: বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই যি সন্দেহ কৰিছিল সেয়া বাস্তৱত পৰিণত হ'ল। শৃংখল চলিহাই ছ'চিয়েল মিডিয়াত লিখিছিল ''দুলিয়াজান থানাৰ OC য়ে মোক Whatsapp ৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে... সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হব নালাগিব ।। ধন্যবাদ জয় আই অসম।'' ২২ মে’ ২০২৫ বৃহস্পতিবাৰে তেওঁ লিখিছিল এই বিশেষ পোষ্টটো।
আজি শুকুৰবাৰে পুৱাই তেওঁক চেপনৰ পৰা আৰক্ষীয়ে আটক কৰে। ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ যোৱাৰ সময়তে চেপনৰ পৰা শৃংখল চলিহাক আটক কৰে আৰক্ষীয়ে। আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ আশংকাত আটক চলিহাক।
ডিমৌৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁক আটক কৰা হৈছে ।
বীৰ লাচিত সেনাৰ আহ্বানত ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ গৈ থকাৰ অৱস্থাতে শুকুৰবাৰে পুৱা চলিহাক আটক কৰে আৰক্ষীয়ে। ইতিমধ্যে আটকাধীন চলিহাক ডিব্ৰুগড়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বীৰ লাচিত সেনাক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ দুলীয়াজান আৰক্ষীৰ তৰফৰ পৰা শৃংখল চলিহালৈ এক জাননী প্ৰেৰণ কৰিছিল। জাননীৰ জৰিয়তে বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল দুলীয়াজান আৰক্ষীয়ে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল জাননীখনত।
Leave A Comment