ডিজিটেল ডেস্ক: সম্প্রতি অনুষ্ঠিত হৈ থকা অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ মেট্ৰিক পৰীক্ষাৰ যোৱা ২৭ ফেব্ৰুৱাৰীৰ 'সমাজ বিজ্ঞান' বিষয়ৰ ৬৩ পৃষ্ঠাৰ প্ৰশ্নকাকতক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষার্থী, অভিভাৱক, সচেতন নাগৰিক আৰু শিক্ষকসকলৰ মাজত মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি এইবাৰৰ মেট্ৰিক পৰীক্ষাত এনে বৃহৎ প্রশ্নকাকত আহিব বুলি পৰীক্ষাৰ্থীসকলেও আগতীয়াকৈ জানিব নোৱৰাৰ ফলতো পৰীক্ষা গৃহত ৬৩ পৃষ্ঠাৰ প্ৰশ্নকাকতখন দেখি গৰিষ্ঠসংখ্যক পৰীক্ষাৰ্থী হতভম্ব হৈ পৰাৰো অভিযোগ উঠিছে।
অন্যহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৈতে জড়িত শিক্ষা বিভাগ তথা অসম বিদ্যালয় শিক্ষা পৰিষদৰ বিভিন্ন পৰ্যায়ৰ দায়িত্বত থকা বিষয়া-কর্মচাৰী, বিদ্যালয় কর্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত নতুন শিক্ষানীতিৰ আধাৰত ২০২৫ চনৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কেনেদৰে প্ৰস্তুত হ'ব পাৰে আৰু ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে নিজকে কেনেদৰে সাজু কৰি তুলিব লাগিব সেই সন্দৰ্ভত দীর্ঘম্যাদী পৰিকল্পনাৰে অসম বিদ্যালয় শিক্ষা পৰিষদে সময়োচিত পদক্ষেপ লোৱা নাছিল নেকি বুলিও বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে।
ইফালে ৬৩ পৃষ্ঠাৰ মেট্ৰিক পৰীক্ষাৰ 'সমাজ বিজ্ঞান'ৰ প্ৰশ্নকাকতৰ সন্দৰ্ভত শুকুৰবাৰে যোৰহাটত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে নতুন শিক্ষানীতিৰ আধাৰত প্ৰশ্নকাকত যুগুত কৰা তথা ৫টা বিভিন্ন ভাষাত প্রশ্নকাকত প্ৰস্তুত কৰাৰ বাবে ডাঙৰ হোৱা যেন লাগিছে। কিন্তু আগন্তুক দিনত এনে প্রশ্নকাকত ইয়াতকৈও অধিক ডাঙৰ হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে উল্লেখ কৰি নতুন নতুন ভাষা অন্তর্ভুক্তিৰ লগে লগেই প্ৰশ্নকাকতৰ আকাৰ ডাঙৰ হৈ গৈ থাকিব বুলি প্রকাশ কৰে। প্ৰসংগক্রমে মন্ত্ৰীগৰাকীয়ে - এইবাৰ উক্ত প্রশ্নকাকতখনৰ আকাৰ ডাঙৰ হোৱাৰ বাবে পৰীক্ষাৰ্থীৰ যাতে অসুবিধা নহয়, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মিনিটৰ পূৰ্বেই প্রশ্নকাকত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হয় বুলিও জানিবলৈ দিয়ে।
উৎস- দৈনিক জনমভূমি
Leave A Comment