ডিজিটেল ডেস্ক: ইদলী প্রস্তুত কৰোঁতে প্লাষ্টিকৰ ব্যৱহাৰ কৰাটো কৰ্ণাটক চৰকাৰে সমগ্ৰ ৰাজ্যত নিষিদ্ধ কৰিছে।
এনেধৰণে প্রস্তুত কৰাৰ পাছত ইদলীত কৰ্কট ৰোগ উৎপন্নকাৰী উপাদান পোৱাৰ পাছত চৰকাৰে এই নির্দেশ জাৰি কৰে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী দীনেশ গুণ্ডু ৰাৱে কয় যে কর্ণাটক খাদ্য সুৰক্ষা বিভাগে এই কথা জানিব পাৰিছিল যে ৰাজ্যখনৰ ৫২খন হোটেলে ইদলী প্রস্তুত কৰিবলৈ পলিথিন শ্বীট ব্যৱহাৰ কৰে।
স্বাস্থ্য বিভাগে ইয়াৰ পাছত ৰাজ্যখনৰ বিভিন্ন হোটেলৰ পৰা ইদলীৰ ২৫১টা নমুনা আনি পৰীক্ষা কৰে। পৰীক্ষাত পোৱা যায় যে ৫২ টা নমুনাত পৰম্পৰাগতভাৱে কাপোৰ ব্যৱহাৰ কৰাৰ সলনি প্লাষ্টিক আৱৰণ ব্যৱহাৰ কৰিছিল। মন্ত্রীজনে কয় যে এনে কৰা উচিত নহয়, কাৰণ প্লাষ্টিকত কর্কট উৎপন্নকাৰী উপাদান থাকে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment