ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্ত পেলাই ঘোষণা হ’ল ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি পুৱা ১০:৩০ বজাৰ লগে-লগে প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইটত উপলব্ধ হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল।
১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ হৈছিল পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ল ৪ লাখ ২২ হাজাৰ ৭৩৭গৰাকী প্ৰাৰ্থী। ২ লাখ ৭০ হাজাৰ ৭৩৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰৰ মেট্ৰিক পৰীক্ষাত। ৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰ পৰীক্ষাত। ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে ৬৭.৫৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।
এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১গৰাকী শিক্ষাৰ্থী। ৫,৩৩৬গৰাকীয়ে লাভ কৰিছে ডিষ্টিংছন। ১৬,৫১৭গৰাকীয়ে ষ্টাৰ নম্বৰ আৰু ১,৬৮,৩১২গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে।
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৩৫,৫৬৮গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৫,৮৬২গৰাকী।
উল্লেখ্য যে এইবাৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰে শিৱসাগৰ জিলাই(৮৫.৫৫ শতাংশ), দ্বিতীয় স্থানত ডিব্ৰুগড় জিলা (৮১.১০ শতাংশ) আৰু তৃতীয় স্থান দখল কৰে ধেমাজি জিলাই(৮০.৬৪ শতাংশ)।
এইবাৰ মেট্ৰিকত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী আমিষী শইকীয়াই। ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তাৰ্শ্ব বৰদলৈয়ে। ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী অনিৰ্বাণ বৰগোঁহায়ে।
১,৮৭,৭৫২ জন ছাত্ৰ আৰু ২,৩৪,৯৮৫ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। এইবাৰৰ মেট্ৰিক পৰীক্ষাত ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণ হাৰ অধিক। ছাত্ৰৰ উত্তীৰ্ণ হাৰ: ৬৭.৫৯% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ: ৬১.০৯% ।
পাছে বিগত বৰ্ষতকৈ এইবাৰ হ্রাস পালে মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ। এইবৰ্ষত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%। ২০২৪ চনত উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৭০%।
Leave A Comment