• 'অনুপ্ৰেৰণা আৰু বিশ্বাসেই বান্ধি ৰাখিছে আমাক' ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিলে কেটৰিনাই

    মনোৰঞ্জন
    'অনুপ্ৰেৰণা আৰু বিশ্বাসেই বান্ধি ৰাখিছে আমাক' ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিলে কেটৰিনাই
    ডিজিটেল ডেস্ক : আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস৷ এই শুভক্ষণত বহু তাৰকাই শ্বেয়াৰ কৰিছে ফটো৷ অভিনেত্ৰী কেটৰিনা কাইফেও ইনষ্টাগ্ৰামত তেওঁৰ ভগ্নীসকললৈ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। তেওঁৰ ভগ্নী, অভিনেত্ৰী ইছাবেল কাইফেও শুভেচ্ছা জনাই কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। কেটৰিনাৰ আছে তিনিগৰাকী জ্যেষ্ঠ ভগ্নী, তিনিগৰাকী কনিষ্ট ভগ্নী আৰু এজন জ্যেষ্ঠ ভ্ৰাতৃ।

    ফটোখন পোষ্ট কৰি কেটৰিনাই শিৰোনাম লিখিছিল, 'আমি একেটা পৰিয়ালেই নাৰী #womensday #sisters৷ ফটোখনত কেটৰিনাক তেওঁৰ পাঁচগৰাকী ভগ্নীৰ সৈতে মাজত থিয় হৈ থকা দেখা গৈছে৷ ইছাবেলেও কেইখনমান ফটো পোষ্ট কৰি লিখিছিল, কঠিন সময় জয় কৰি নিজৰ জীৱন উপভোগ কৰা প্ৰতিগৰাকী মহিলালৈ নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো৷'

    ২০০৯ চনৰ এটা সাক্ষাৎকাৰত, কেটৰিনাই তেওঁৰ মাক চুজান টাৰ্কোটে কেনেদৰে তেওঁৰ সাতটা সন্তানক অকলে ডাঙৰ-দীঘল কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছিল। লগতে তেওঁ কৈছিল যে, 'যেতিয়া আমি বহুত সৰু আছিলোঁ তেতিয়া মোৰ মা-দেউতা পৃথক হৈছিল। আমাক মায়ে ডাঙৰ-দীঘল কৰিছিল৷ প্ৰতিগৰাকী নাৰী বাবে এইটো এটা কঠিন কাম আছিল৷ কিন্তু , মায়ে এই কামটো সুন্দৰভাৱে কৰিছিল।' তেওঁৰ মাতৃ তেওঁৰ অনুপ্ৰেৰণা আৰু বিশ্বাস বুলিও অবিহিত কৰিছিল৷ লগতে কয়, ' আমাৰ সপোনবোৰ জীয়াই ৰাখিবলৈ মোৰ মাতৃয়ে অহোপুৰুষাৰ্ধ কৰিছে৷'

    আবেগিক হৈ অভিনেত্ৰীগৰাকীয়ে এইবুলিও বৰ্ণনা কৰিছিল যে, 'আমাক সময়ে কঠিন কৰি তুলিছিল ৷' কলেজলৈ গৈ ডিগ্ৰী ল'বলৈ বা চিকিৎসক বা উকীল হ'বলৈ কেতিয়াও জোৰ কৰা নাছিল তেওঁলোকক। এতিয়া তেওঁলোক আটায়ে এজন সুপৰিচিত নাগৰিক। 'মোৰ এজন ভাই আছে। তেওঁ এজন পেছাদাৰী স্কিয়াৰ আৰু এজন শিল আৰোহী' বুলিও মন্তব্য কৰিছিল কেটৰিনাই৷