• 'এয়াই সকলো, তাৰ বাদে একো নাই, পুত্ৰক কোলাত লৈ বাগিচাত দিয়া মিৰ্জা

    মনোৰঞ্জন
    'এয়াই সকলো, তাৰ বাদে একো নাই, পুত্ৰক কোলাত লৈ বাগিচাত দিয়া মিৰ্জা
    ডিজিটেল ডেস্ক : 'এয়াই সকলো, তাৰ বাদে একো নাই-' এটি ইনষ্ট্ৰাগ্ৰাম পোষ্ট৷ আৰু তাৰ পাছতেই আৱেগিক হৈ পৰে সহস্ৰধিক অনুৰাগী৷ মাতৃৰ হৃদয় সন্তানৰ বাবে সদায় আকুল৷ সাধাৰণ নাৰীৰ পৰা বলীউডৰ অভিনেত্ৰীসকললৈ৷ মাতৃপ্ৰেমৰ সুন্দৰ ফটো প্ৰায়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা দেখা যায়৷ এইবাৰ অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁৰ পুত্ৰ অভিয়ানৰ সৈতে সময় অতিবাহিত কৰা ফটো শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। অভিনেত্ৰীজনে বাগিচাত কণমানি অভিয়ানৰ সৈতে সময় কটোৱা দুখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল।



    দিয়াই অভিয়ানক কেঁচুৱা বাহকত কঢ়িয়াই নিয়াৰ উপৰিও বাগিচাৰ সেউজীয়া উপভোগ কৰাৰ সময়ত মূৰত চুমা খাই থকা ফটো শ্বেয়াৰ কৰিছিল। তেওঁৰ ইনষ্ট্ৰাগ্ৰাম 'দেওবাৰ' বুলি লিখি শ্বেয়াৰ কৰিছিল এইখন ধুনীয়া ফটো৷ আনখন ফটোখনত অভিনেত্ৰীগৰাকীয়ে কণমানিজনক বাগিচাৰ সৌন্দৰ্য দেখাই আছিল। অভিয়ানে ৰম্পাৰ পিন্ধিছিল আৰু দিয়াই এটা ফ্ল'ৰি পোছাক পিন্ধিছিল। ফটোখনত ওৰত তেওঁ লিখিছিল 'এয়াই সকলো, তাৰ বাদে একো নাই৷'



    দিয়া মিৰ্জা আৰু তেওঁৰ স্বামী বৈভৱ ৰেখিৰ বৈবাহিক জীৱনৰ সকলোতকৈ সুন্দৰ উপহাৰ আছিল অভিয়ান৷ বিগত বৰ্ষৰ মে’ মাহত জন্ম লাভ কৰিছিল অভিয়ানে৷ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যজনিত কাৰণৰ বাবে জৰুৰীকালীন চিজেৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁক সোনকালে প্ৰসৱ কৰা হৈছিল। দিয়াই তেওঁৰ জন্মৰ কথা এটা বিবৃতিৰে ঘোষণা কৰিছিল য'ত তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ অভিয়ানক বহুতো বাধাৰ মাজতো প্ৰসৱ কৰিছিল৷