ডিজিটেল ডেস্কঃ
সুৰসম্ৰাজ্ঞীক অসন্মান! সুৰৰ সমুদ্ৰ মন্থন কৰি চিৰনিদ্ৰাৰ কোলাত শুই পৰা যশস্বী শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শ্বাহৰূখ খানৰ 'দুৱা'ৰ এটা ভিডিঅ' পোহৰলৈ অহাৰ পাছতে তিক্ত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শ্বাহৰূখ-পূজাৰ ভিডিঅ'টোত বহুতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ হিচাপে প্ৰশংসা কৰিলেও একাংশই সমালোচনাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। লতাৰ অন্ত্যেষ্টিক্ৰিয়াত ‘এওঁ থুৱাইছে নেকি?’ বুলি শ্বাহৰূখলৈ পোনপটীয়া প্ৰশ্ন বিজেপি নেতা অৰূণ যাদৱৰ। সম্প্ৰতি বিজেপি নেতা অৰূণ যাদৱৰ প্ৰশ্নক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে।
প্ৰকৃত সত্যক কাণ সৰালি দি,ঘটনাৰ পটভূমি
নজনাকৈয়ে কিং খানলৈ সমালোচনাৰ আঙুলি টোঁৱাইছে শ্বাহৰূখ বিৰোধী একাংশই। শ্বাহৰূখক লক্ষ্য কৰি সৃ্ষ্টি হোৱা এই ‘দোৱা’বিতৰ্কক লৈ মাত মাতিছিল অভিনেত্ৰী-
ৰাজনীতিবিদ উৰ্মিলা মাতোণ্ডকাৰে। শ্বাহৰূখৰ পক্ষত থিয় হৈ সামজলৈ বিষবাষ্প বিয়পোৱা একাংশ মানুহৰ পংগু মানসিকতাক নিৰ্লজ্জ আচৰণক ধিক্কাৰ দিছে উৰ্মিলাই। ৰাজনীতি ইমান তললৈ যাব পাৰে বুলিও আক্ষেপ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। কেৱল উৰ্মিলাই নহয়। অভিনেত্ৰী ভূমি পেডনেকাৰেও 'দুৱা' বিতৰ্কক লৈ সৃষ্টি হোৱা বাদানুবাদত শ্বাহৰূখৰ পক্ষত থিয় দিছে। 'বধাই দো', 'লাষ্ট ষ্ট'ৰীজ' অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত এটা কাহিনী শ্বেয়াৰ কৰিছে।
পোষ্টটোত শ্বাহৰূখে হাতজোৰ কৰি 'দুৱা' বিচাৰি থকা আৰু তেওঁৰ মেনেজাৰ পূজা দাদলানীয়ে প্ৰাৰ্থনা কৰা দেখা গৈছে। শ্বাহৰূখ-পূজাৰ ছবিখনে যে বহুতৰে হৃদয় জিনিছে সেয়া ধূৰূপ। এই ছবিখন সাম্প্ৰদায়িক প্ৰীতি আৰু সমন্বয়ৰ পৰিচয় বহন কৰা বুলিও সমৰ্থন জনাইছে ভূমি পেডনেকাৰে। মন কৰিবলগীয়া যে, যি সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শ্বাহৰূখৰ ঘটনাক লৈ নেটিজেনসকল বিভক্ত হৈ পৰিছে। তেনে সময়তে ভূমি পেডনেকাৰৰ ইনষ্টাগ্ৰাম পোষ্টটোৱে স্পষ্টভাৱে মৌলবাদৰ বিৰুদ্ধে বুলি বিবেচিত হৈছে।
Leave A Comment