comScore
  • 'দ্য কাশ্মীৰ ফাইলছ'ৰ বাবে কাজিয়াত লিপ্ত হৈ চাকৰিৰ পৰা নিলম্বিত হ'ল যুৱক

    মনোৰঞ্জন
    'দ্য কাশ্মীৰ ফাইলছ'ৰ বাবে কাজিয়াত লিপ্ত হৈ চাকৰিৰ পৰা নিলম্বিত হ'ল যুৱক
    ডিজিটেল ডেস্ক: ‘দ্য কাশ্মীৰ ফাইলছ’! ছবিখনে ইতিমধ্যেই তোলপাৰ লগাইছে সমগ্ৰ দেশত। ছবিখনৰ বাবে বহু ঠাইত সংঘাতৰ ৰূপ লোৱাও পৰিলক্ষিত হৈছে৷ কানপুৰৰ কোতৱালী স্বৰূপ নগৰ অঞ্চলত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সহকাৰী আৰক্ষী আয়ুক্তৰ দেহৰক্ষী আৰু চালকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ ছবিখনক লৈ দুয়োৰে মাজত হোৱা আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি, আৰক্ষী বিভাগে চালকজনক নিলম্বন কৰে।

    দৰাচলতে, কানপুৰ গোবিন্দ নগৰ চক্ৰৰ সহকাৰী আৰক্ষী আয়ুক্তৰ বিকাশ পাণ্ডেৰ দেহৰক্ষী নৰেশ সিং আৰু চালক স্বতন্ত্ৰ যাদৱৰ মাজত এই ছবিখনক লৈ বিবাদৰ সূত্ৰপাত ঘটে আৰু দুয়োৰে মাজত সৃষ্টি হয় তুমুল কাজিয়াৰ। ইয়াৰ পাছত, নৰেশ সিঙে স্বতন্ত্ৰ যাদৱৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু তেওঁক আক্ৰমণ আৰু গালি-গালাজ কৰাৰ অভিযোগো উত্থাপন কৰে।

    স্বৰূপ নগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ব্ৰজ নাৰায়ণ সিঙে এই ঘটনাৰ সন্দৰ্ভত কয় যে, বিকাশ পাণ্ডেই ১৩ মাৰ্চত অফিচাৰ্ছ ক’লনীলৈ আহিছিল৷ অভিযোগ অনুসৰি, অফিচাৰ ক’লনীৰ চালক স্বতন্ত্ৰ যাদৱে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। আৰু খঙৰ ধমকত স্বতন্ত্ৰ যাদৱে নৰেশ সিঙক মাৰপিট আৰু গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে।

    এচিপি ব্ৰজ নাৰায়ণ সিঙৰ মতে, তেওঁলোক দুয়ো কৰ্তব্যৰত অৱস্থাত কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ অৱশ্যে, চালক স্বতন্ত্ৰ যাদৱক পাছত দোষী সাব্যস্ত হোৱাৰ পাছত নিলম্বিত কৰা হয়।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online