• 'পুষ্পা'ত অভিনয়ৰ সুযোগ হেৰুৱাইছিল এইসকল তাৰকাই, আল্লু অৰ্জুনো নাছিল পৰিচালকৰ প্ৰথম পছন্দ

    মনোৰঞ্জন
    'পুষ্পা'ত অভিনয়ৰ সুযোগ হেৰুৱাইছিল এইসকল তাৰকাই, আল্লু অৰ্জুনো নাছিল পৰিচালকৰ প্ৰথম পছন্দ
    ডিজিডেল ডেস্কঃ আল্লু অৰ্জুনক নহয়, ৰূপালী পৰ্দাত ‘পুষ্পা’ৰ চৰিত্ৰত মহেশ বাবুক বিচাৰিছিল পৰিচালক বি সুকুমাৰে। ব’ক্স অফিছতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে। ব্যৱসায়ৰ ক্ষেত্ৰত বলীউড-হলিউডৰ বৃহৎ বাজেটৰ ছবিয়েও চুব পৰা নাই ‘পুষ্পা’ক। কিন্তু এই ছবিখনত অভিনয়ৰ বাবে মুম্বাইকে আদি কৰি দক্ষিণ ভাৰতৰ সৰহভাগ তাৰকাই 'পুষ্পা: দ্য ৰাইজ'ত অভিয়নৰ বাবে আগবাঢ়ি আহিছিল।

    ছবিখনৰ পৰিচালক বি. সুকুমাৰে প্ৰথমে মহেশ বাবুক ৰূপালী পৰ্দাত 'পুষ্পা'ৰ চৰিত্ৰৰ বাবে বাচনি কৰিছিল। ছবিখনৰ কাম আগবঢ়াত অৱশেষত মহেশ বাবু আঁতৰি আহিছিল। জানিবলৈ পোৱা মতে, ‘পুষ্পা’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু নাছিল মহেশ বাবু। এগৰাকী চোৰাং ব্যৱসায়ীৰ প্ৰেমিক 'শ্ৰীবল্লী'ৰ চৰিত্ৰৰ বাবে ৰশ্মিকা মান্দানাও প্ৰথম পছন্দ নাছিল।

    নায়িকাৰ চৰিত্ৰটোৰ বাবে সামান্থা প্ৰভু আছিল প্ৰথম পছন্দ। কিন্তু বিভিন্ন কাৰণত সামান্থাও 'শ্ৰীবল্লী' চৰিত্ৰৰ পৰা আঁতৰি আহিছিল। কেৱল সামান্থাই নহয়। ছবিখনৰ আইটেম গীতটোত অভিনয়ৰ বাবে দিশা পাটানিলৈ গৈছিল প্ৰস্তাৱ। কিন্তু সুকুমাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল অভিনেত্ৰীগৰাকীয়ে। দিশা পাটানিয়ে পৰিচালকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত বলীউডৰ 'আইটেম গাৰ্ল' নোৰা ফাতেহীয়ে নিৰ্মাতাৰ কাষ চাপিছিল। কিন্তু তেওঁ সেই ৩মিনিটৰ গীতটোৰ বাবে বুজন পৰিমাণৰ ধন বিচাৰিছিল অভিনেত্ৰীগৰাকী। অৱশেষত, নিৰ্মাতাসকলে গীতটোত অভিনয়ৰ বাবে সামান্থাকে বাচনি কৰিছিল।