ডিজিটেল ডেস্ক:
‘ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে।’ এগৰাকী অভিনেত্ৰীৰ এই মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াকে লৈ এতিয়া ব্যাপক বিতৰ্কয়ো পোখা মেলিছে। এই অদ্ভূত মন্তব্য কৰিছিল দূৰদৰ্শনৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে৷ পিছে এই মন্তব্যৰ বাবেই এতিয়া সমস্যাত পৰিছে অভিনেত্ৰীগৰাকী।
'ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে... বুলি কৰা
মন্তব্যৰ বাবেই শ্বেতাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী থানাত শ্বেতা তিৱাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫(ক) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শ্বেতাৰ বিৰুদ্ধে এনে ধৰণৰ মন্তব্য দি ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত ৰুজু হৈছে এই গোচৰ।
দৰাচলতে, শ্বেতা তিৱাৰীয়ে ফেশ্বন সম্পৰ্কীয় ৱেবছিৰিজ ঘোষণা কৰিবলৈ তাৰকা কলাকুশলী আৰু প্ৰযোজনা দলৰ সৈতে ভূপালত উপস্থিত হৈছিল। তেনে সময়তে, শ্বেতা তিৱাৰীয়ে মঞ্চত এক আলোচনা অনুষ্ঠানত ধেমালি কৰি এটা বিতৰ্কিত মন্তব্য কৰিছিল। এক বিতৰ্কিত বিবৃতিত শ্বেতা তিৱাৰীয়ে কয়- 'মোৰ ব্ৰাৰ জোখ ঈশ্বৰে লৈ আছে।' শ্বেতাৰ কৰা এই মন্তব্যৰ পাছত, বিতৰ্ক আৰম্ভ হৈছে। শ্বেতাৰ ভিডিঅ' দ্ৰুতগতিত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী ড০ নৰোত্তম মিশ্ৰই শ্বেতাৰ বক্তব্যক গৰিহণা দিছিল আৰু কৈছিল যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব।
Leave A Comment