ডিজিটেল ডেস্ক :
এটি চৰ্চিত চেলিব্ৰিটি দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা৷ দুয়োৰে সম্পৰ্ক গাঢ় হোৱাৰ পৰাই বয়সৰ ব্যৱধানৰ বাবে বহুতো বিতৰ্ক তথা সমালোচনাৰ সন্মুখীন হৈছিল৷ তেওঁলোকৰ বিচ্ছেদৰ উৰাবাতৰিও প্ৰায়ে শিৰোনাম দখল কৰে ৷ কিন্তু সকলো সমালোচনাৰ পাছতো দম্পতীহালে শ্বেয়াৰ কৰে ভালপোৱাৰ ছবি। তেওঁলোকৰ প্ৰেম আৰু সৰু সৰু বস্তুত ইজনে-সিজনক কৰা সমৰ্থনবোৰে আপ্লুত কৰে দুয়োৰে অনুৰাগীক। অৰ্জুন কাপুৰে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ শেহতীয়া পোষ্টত তেওঁৰ প্ৰেমিকা মালাইকাক ধন্যবাদ জনায়।
অভিনেতাজনে
যোগাভ্যাস কৰি থকা কিছুমান ফটো শ্বেয়াৰ কৰিছিল। তেওঁ পোষ্টটোত লিখিছিল যে তেওঁ শাৰীৰিকভাৱে কিছুমান সমস্যা সমাধান কৰিবলৈ আইয়েঞ্জাৰ যোগৰ সৈতে 'এটা নতুন যাত্ৰা' আৰম্ভ কৰিছে। অৰ্জুনে তেওঁৰ প্ৰেমিকা আৰু ফিটনেছ উৎসাহী মালাইকা অৰোৰাকো সহায় কৰাৰ বাবে ধন্যবাদ জনাইছিল।
অৰ্জুন কাপুৰৰ পোষ্টটোৰ শিৰোনামটোত লিখিছে, 'মই এটা নতুন যাত্ৰা আৰম্ভ কৰিছো, আয়েংগাৰ যোগৰ সৈতে। মোৰ কঁকালৰ গাঁঠি খুলিবলৈ আৰু মোৰ তল পিঠিৰ আঘাতৰ সমস্যাবোৰ ঠিক কৰিবলৈ বিচৰিছো ৷ @sarvesh_shashi, @malaikaaroraofficial আৰু মোৰ প্ৰশিক্ষক @yoga_subhamsri ধন্যবাদ, চিৰদিনৰ বাবে কৃতজ্ঞ!!!'
Leave A Comment