• 'হয় এনেকুৱা শাৰী পিন্ধিব লাগে, নহ'লে একেবাৰে পিন্ধিব নালাগে' : চিপচৰ শাৰী পিন্ধি যুৱতী ভাইৰেল

    মনোৰঞ্জন
    'হয় এনেকুৱা শাৰী পিন্ধিব লাগে, নহ'লে একেবাৰে পিন্ধিব নালাগে' : চিপচৰ শাৰী পিন্ধি যুৱতী ভাইৰেল
    ডিজিটেল ডেস্ক : চিপচ খাই ভাল পাইনে আপুনি ? চিপচ খাই পেকেটবোৰ বাৰু কি কৰে, পেলাই দিয়ে নিশ্বয়৷ কিন্তু এগৰাকী যুৱতীয়ে চিপচৰ পেকেটেৰে কাপোৰ সাজি পিন্ধাক লৈ এতিয়া ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ফেশ্বনৰ নামত এগৰাকী যুৱতীয়ে চিপচৰ পেকেটৰ পৰা তৈয়াৰ কৰা এখন শাৰী পৰিধান কৰি ছ'চিয়েল মিডিয়াত আলপোড কৰিছে ভিডিঅ'৷ তাৰ পাছতে ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰে এই ভিডিঅ'৷

    যুৱতীগৰাকীয়ে নীলা ৰঙৰ চিপচ পেকেটৰ শাৰী পিন্ধাৰ লগতে এটা খোপা আৰু গহনাও পিন্ধিছিল। ভিডিঅ'টো bebadass.in নামৰ এজন ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ভিডিঅ'টো মূলতঃ এটা ফেশ্বন ব্ৰেণ্ড Mae.co.in দ্বাৰা পোষ্ট কৰা হৈছিল। পোষ্টটোৰ শিৰোনামটোত ব্লু লেজ আৰু শাৰীৰ প্ৰেমৰ বাবে বুলি প্ৰচাৰিত কৰিছিল৷

    https://www.instagram.com/reel/CY_8xXCIvkd/?utm_source=ig_embed&ig_rid=e133c31d-d899-44c8-b78b-b3b541b7d5bb

    এতিয়ালৈকে ভিডিঅ'টোত ৫,৭০০ ৰো অধিক লোকে লাইক কৰিছে। নেটিজেনসকলেও ভিডিঅ'টোত মন্তব্য কৰিছে। যদিও কিছুমানে এই অনন্য ধাৰণাটোৰ প্ৰশংসা কৰিছে, আন কিছুমানে যুৱতীগৰাকীক তেঁওৰ ফেশ্বন পছন্দৰ বাবে ট্ৰ'ল কৰিছে। শাৰী পিন্ধাক লৈ এজনে সাহসী বুলি কোৱাৰ লগতে আন এজনে ইতিকিং কৰি মন্তব্য কৰিছে যে হয় এনেকুৱা শাৰী পিন্ধিব নহ'লে একেবাৰে পিন্ধিব নালাগে৷