ডিজিটেল ডেস্ক:
ভুল বুজি ক্ষমা প্ৰাৰ্থনা এগৰাকী অভিনেত্ৰীৰ৷ এটি বিতৰ্কিত মন্তব্য৷ তাৰ পাছতেই সংবাদ শিৰোনাম দখল কৰিছিল এগৰাকী অভিনেত্ৰীয়ে৷ তেওঁ হৈছে টেলিভিছনৰ পৰ্দাত নিজৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰা শ্বেতা তিৱাৰী৷ ‘ঈশ্বৰে মোৰ ব্ৰাৰ জোখ লৈ আছে…’ বুলি কৰা মন্তব্যৰ বাবেই শ্বেতাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী থানাত শ্বেতা তিৱাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫(ক) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শ্বেতাৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য দি ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত ৰুজু হৈছে এই গোচৰ।
শেহতীয়াকৈ এই মন্তব্যৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি ইনষ্টাগ্ৰামত কৰে পোষ্ট৷
পোষ্টটোত তেওঁ লিখে যে, 'মই কোৱা কথাষাৰৰ সৰু মন্তব্যটো কাটি ভুলকৈ পৰিবেশন কৰা হৈছে৷' 'ভগৱান'ৰ সন্দৰ্ভত বিবৃতিটো সৌৰভ ৰাজ জৈনৰ এজন দেৱতাৰ জনপ্ৰিয় ভূমিকাৰ সন্দৰ্ভত আছিল। তেওঁ লগতে লিখে যে, 'মানুহে চৰিত্ৰৰ নাম অভিনেতাসকলৰ সৈতে সংযুক্ত কৰে আৰু সেয়েহে, মই সংবাদ মাধ্যমৰ সৈতে মোৰ কথোপকথনৰ সময়ত ইয়াক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছিলো। অৱশ্যে, ইয়াক সম্পূৰ্ণৰূপে ভুল আখ্যা দিয়া হৈছে যিটো দেখি দুঃখিত হৈছে।’ আনকি তেওঁ এইবুলিও ব্যক্ত কৰে যে, তেওঁ নিজেই 'ভগৱান'ৰ ওপৰত দৃঢ় বিশ্বাসী৷ ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে এনে কোনো কাম কৰিব নিবিচাৰে যিয়ে অনুভূতিক মুঠতে আঘাত কৰিব পাৰে ।
লগতে এইবুলিও পোষ্টটোত লিখে যে, অৱশ্যে, মই বুজি পাইছো যে যেতিয়া প্ৰসংগৰ বাহিৰত গুচি যায়, ই অনিচ্ছাকৃতভাৱে মানুহৰ অনুভূতিক আঘাত কৰিছে। অনুগ্ৰহ কৰি কাৰোৰে অনুভূতিক আঘাত কৰাটো কেতিয়াও মোৰ উদ্দেশ্য নাছিল। সেয়েহে, সকলোকে কৰা আঘাতৰ বাবে মই নম্ৰতাৰে ক্ষমা বিচাৰিব বিচাৰো।
Leave A Comment