• অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ'নাৰ অৱস্থিতি

    মনোৰঞ্জন
    অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ'নাৰ অৱস্থিতি

    মুম্বাই : বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি৷ তেওঁ কৰা কৰ'নাৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে৷ বৰ্তমান তেওঁ নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ দিয়ে৷





    আৰু পঢ়িব পাৰিব : সামৰিক উত্থানৰ প্ৰতিবাদ : সৈন্যবাহিনীৰ গুলীত মৃত্যু সাত বছৰীয়া কন্যা





    আনহাতে ৫৬ বছৰীয়া এই অভিনেতাজনৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।





    আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ





    এক বিবৃতি যোগে এই কথা সদৰী কৰে আমিৰ খানৰ মুখপাত্ৰগৰাকীয়ে৷ তেওঁ কয়, 'আমিৰ খানে কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷ তেওঁ এতিয়া নিজকে ঘৰত কোৱাৰেণ্টাইন কৰি ৰাখিছে৷ সকলো প্ৰট’কল অনুসৰণ কৰি থকাৰ লগতে তেওঁ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লৈছে৷ শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৱে সাৱধানতামূলক ব্যৱস্থা হিচাপে নিজকে ক'ভিড পৰীক্ষা কৰা উচিত। আপোনাৰ সকলো ইচ্ছা আৰু উদ্বেগৰ বাবে আপোনাক ধন্যবাদ৷'