• অশ্লীল ভিডিঅ' নিৰ্মাণ! মহিলাৰ মুখত চূণ-তেল সানি সমদল গাঁওবাসীৰ

    আঞ্চলিক
    অশ্লীল ভিডিঅ' নিৰ্মাণ! মহিলাৰ মুখত চূণ-তেল সানি সমদল গাঁওবাসীৰ
    ডিজিটেল ডেস্ক: অশালীন ৰীল বনোৱাৰ অপৰাধত মৰেল পুলিচিঙৰ সন্মুখীন হ'ল এগৰাকী বোৱাৰী। ৰাইজে ঘৰৰ পৰা ধৰি আনি বোৱাৰীগৰাকীৰ মুখত চূণ-তেল দি জোতাৰ মালা পিন্ধাই সম্পূর্ণ গাঁও পৰিভ্ৰমণ কৰোৱায়। এই ঘটনা শিলচৰ চহৰতলী চিংগাৰীৰ কুকুবাৰীত সংঘটিত হৈছে। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদুপৰি মৰেল পুলিচিঙৰ অভিযোগত ৩৫জনৰ বিৰুদ্ধে শিলচৰ নেশ্যনেল হাইৱে' আৰক্ষী চকীত ৰুজু হৈছে গোচৰ। 

    ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, শিলচৰ চহৰতলী চিংগাৰীৰ কুকুবাৰীত অশ্লীল ভিডিঅ' বনোৱাৰ অভিযোগত এগৰাকী বোৱাৰীক জোতাৰ মালা পিন্ধাই মুখত চুণ আৰু চিয়াঁহী লেপি একাংশ ৰাইজে শাস্তি দিয়ে। পাছত বোৱাৰীগৰাকীক লৈ ৰাজপথত সমদল উলিয়ায়। গাঁওবাসীৰ মতে, মহিলাগৰাকীৰ পূৰ্বৰ স্বামীয়ে দুমাহ পূর্বে ঘৰত চিপ লৈ আত্মহত্যা কৰিছিল। এই ঘটনাৰ পাছতেই বোৱাৰীগৰাকীয়ে ৰাজ্যৰ বাহিৰৰ এজন যুৱকক কুকুবাৰীৰ ঘৰলৈ লৈ আহি ৰীল বনাইছিল বুলি অভিযোগ উঠিছে। কালি মাজনিশা আৰক্ষীয়ে অভিযান চলাই দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। 

    ইপিনে ভুক্তভোগী বোৱাৰীগৰাকীয়ে বিভিন্ন অভিযোগ উত্থাপন কৰি মুঠ ৩৫জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আনহাতে, স্থানীয় ৰাইজে ছ'চিয়েল মিডিয়াত নিজৰ অশ্লীল ভিডিঅ' আপলোড কৰি সামাজিক পৰিৱেশ বিষাক্ত কৰি তোলাৰ বাবে একাংশ ৰাইজে বোৱাৰীগৰাকীৰ বিৰুদ্ধে প্রতিবাদ জনাই নিজৰ হাতত আইন তুলি লয়। গাঁওবাসীৰ মতে, মহিলাগৰাকীৰ পূৰ্বৰ স্বামীয়ে দুমাহ পূর্বে ঘৰত চিপ লৈ আত্মহত্যা কৰিছিল। ইয়াৰ পাছত এগৰাকী যুৱকক লৈ ঘৰত অশ্লীল ৰীল বনোৱা আৰু ঘৰতে ৰখাৰ বাবে একাংশ ৰাইজে এই সন্দৰ্ভত বোৱাৰীগৰাকীক প্রশ্ন কৰিলে যুৱকজনক নিজৰ বন্ধু বুলি চিনাকি কৰাই দিয়ে। 
    তদুপৰি গাঁওবাসীৰ হেঁচাত মহিলাগৰাকীয়ে এসপ্তাহ পূর্বে আনুষ্ঠানিকভাৱে যুৱকজনক বিয়া কৰাইছিল বুলি জনা যায়। এনে পৰিস্থিতিত দুয়োজনে একেলগে আপত্তিজনক ব্যৱসায় চলাইছিল বুলি অভিযোগ উঠাৰ পাছত আৰক্ষীয়ে গৈ ভুক্তভোগী বোৱাৰীগৰাকী আৰু তেওঁৰ স্বামীক থানালৈ লৈ যায়। বোৱাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিশা কিষাণ দাস (২৬), ৰঞ্জিত দাস (২৭), কূপেশ দাস (২২), শৈলবালা দাস (৫৫) আৰু সাধনা দাসক (৩৫) গ্ৰেপ্তাৰ কৰে।
    উৎসঃ দৈনিক জনমভূমি