ডিজিটেল ডেস্ক:
এগৰাকী অভিনেত্ৰীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন নৃত্য পৰিচালকৰ পুত্ৰক৷ নৃত্য পৰিচালক আৰু পোছাক সহায়ক প্ৰসাদ বিদাপৰ পুত্ৰ এডাম বিদাপক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি আদমে এগৰাকী অভিনেত্ৰীলৈ 'অশ্লীল' বাৰ্তা প্ৰেৰণ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল।
এজন আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে, 'এগৰাকী মহিলাই অভিযোগ কৰিছিল যে আদম বিদাপে অভিনেত্ৰীগৰাকীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আছিল। আদমৰ বিৰুদ্ধে বেংগালুৰুৰ ইন্দিৰা নগৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁক জেৰা কৰা হৈছে।'
আদমৰ পিতৃ প্ৰসাদক ফেশ্বন জগতৰ পথ
প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতি সক্ৰিয় বুলি জনাজাত। অৱশ্যে, তেওঁৰ পুত্ৰৰ এই কৰ্মৰ বাবে তেওঁৰো নাম বিতৰ্কত লিপ্ত হৈছিল। অৱশ্যে তেওঁ এতিয়ালৈকে এই বিষয়ে মুখ খোলা নাই।
Leave A Comment