ডিজিটেল ডেস্ক :
দীঘলীয়া ভ্ৰমণৰ মন ঐশ্বৰ্য আৰু অভিষেকৰ৷ ঘৰ এৰি বিদেশ মূৱা দুয়োগৰাকী বলীউডৰ তাৰকা৷ দুয়োৰে লগত গৈছে তেওঁলোকৰ কন্যা আৰাধ্যাও৷ এনে এটা ভিডিঅ'ই উৎসুকতা বঢ়াইছে অনুৰাগীৰ৷ বিমান বন্দৰত দম্পত্তি হালক দেখি উৎসাহিত হৈ পৰে অনুৰাগীসকল৷ বচ্চন পৰিয়ালৰ তিনিজন সদস্যক বুধবাৰে নিশা মুম্বাই বিমানবন্দৰত দেখা গৈছিল। অৱশ্যে, তেওঁলোকে বন্ধৰ বাবে ক'ত উৰা মাৰিছে সেই বিষয়ে গোপনীয়তা ৰাখে।
তেওঁলোক তিনিওজনকে বিমানবন্দৰৰ চৌহদত
আকৰ্ষণীয় কাপোৰ পিন্ধা দেখা গৈছিল। অভিষেকে পাতল নীলা ট্ৰেক চুট আৰু হুডি পিন্ধিছিল। আনহাতে, ঐশ্বৰ্যক ক'লা ৰঙৰ ষ্ট্ৰেপেল টি-চাৰ্ট আৰু ট্ৰাউজাৰৰ সৈতে দীঘল অভাৰকোট পিন্ধা দেখা গৈছিল। অৱশ্যে আৰাধ্যাক বগা চুৱেটাৰ আৰু ক'লা ডেনিমত দেখা গৈছিল। আৰাধ্যাৰ কান্ধত আছিল এটি সৰু বেগ। বিমানবন্দৰত পাপাৰাজ্জিৰ কেমেৰাত বন্দী হৈছিল তিনিওগৰাকী । পাপাৰাজ্জিৰ এজনে আনকি ঐশ্বৰ্যক শুভেচ্ছা জনাইছিল। সেই ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
ভিডিঅ'টো চোৱাৰ পাছত, বহুতো নেটিজেনে অভিষেক-ঐশ্বৰ্য ক'ৰলৈ ৰাওণা হৈছে সুধিছিল৷ দুয়োৰে অনুৰাগীৰ মনত কৌতূহলৰ উদয় হয় । আনসকলেও আৰাধ্যাক দেখি আচৰিত হৈছিল। তেওঁলোকৰ এজনে মন্তব্য কৰিছিল, 'আৰাধ্যা এই বয়সতেই ঐশ্বৰ্যৰ সমান ওখ হৈছে।'
Leave A Comment