• আহি আছে ড্ৰাই ডে’ ! এইকেইটা দিনত বন্ধ থাকিব সুৰাৰ দোকান

    মনোৰঞ্জন
    আহি আছে ড্ৰাই ডে’ ! এইকেইটা দিনত বন্ধ থাকিব সুৰাৰ দোকান
    ডিজিটেল ডেস্ক: আহি আছে ড্ৰাই ডে’৷ সুৰাপায়ীসকলৰ ক্ষেত্ৰত বিশেষভাৱে এই দিনকেইটাত পৰিব পাৰে প্ৰভাৱ৷ অৱশ্যে বেছি চিন্তাৰ কাৰণ নাই৷ মাত্ৰ দুটা দিনৰ বাবেহে ফেব্ৰুৱাৰী মাহত বন্ধ থাকিব সুৰাৰ দোকান৷ ড্ৰাই ডে’ত খুচুৰা দোকান, বাৰ আৰু হোটেলৰ জৰিয়তে সুৰা বিক্ৰী নিষিদ্ধ কৰা হয়। গতিকে ড্ৰাই ডে’ৰ পূৰ্বেই আপুনি পৰিকল্পনা কৰি লওক উল্লেখনীয় দিনবোৰ৷

    ফেব্ৰুৱাৰী ২০২২ৰ ড্ৰাই ডে’ৰ তালিকা হৈছে :

    ১৯ ফেব্ৰুৱাৰী, শনিবাৰে : ছত্ৰপতি শিৱাজী মহাবীৰ জয়ন্তী

    ২৬ ফেব্ৰুৱাৰী, শনিবাৰে : স্বামী দয়ানন্দ সৰস্বতী জয়ন্তী

    মন কৰিব :
    সুৰাপান কৰি গাড়ী চলোৱাটো এক গুৰুতৰ অপৰাধ। দিল্লীত সুৰাপান কৰাৰ আইনী বয়স ২৫ বছৰৰ বিপৰীতে অসমত ২১ বছৰ বুলি ধৰা হয়৷

    সুৰা পৰিৱেশন আৰু সেৱন কৰা ঠাইলৈ যাওঁতে সদায়ে পৰিচয়-পত্ৰ ৰাখিবলৈ নাপাহৰিব৷

    অত্যধিক সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষেও ক্ষতিকাৰক৷