Sports
ডিজিটেল ডেস্ক : সংকটজনক অৱস্থাত চিকিৎসালয়ত আন এগৰাকী প্ৰবীণ অভিনেত্ৰী। অনুৰাগীক উদ্বিগ্ন কৰি আইচিইউত চিকিৎসাধীন হ’বলগীয়া হ’ল তাৰকাগৰাকী। তেওঁ হৈছে ছাইৰা বানু। ৰক্তচাপজনিত সমস্যাত ভোগা প্ৰবীণ অভিনেত্ৰীগৰকীক কেইদিনমান পূৰ্বে মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে চিকিৎসালয়খনৰ আইচিইউ ৱাৰ্ডলৈ তেওঁক স্থানান্তৰ কৰা হৈছে।
সংবাদ প্ৰতিষ্ঠান এএনআইয়ে এই বাতৰি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ছাইৰা বানুৰ স্বামী তথা কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ বিগত জুলাই মাহত মুম্বাইত ৯৮ বছৰ বয়সত মৃত্যু হৈছিল। এএনআইৰ মতে, ছাইৰা বানুৱে ৰক্তচাপ সম্পৰ্কীয় সমস্যাত ভুগিছিল আৰু তিনিদিন আগতে হিন্দুজা চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল। তেওঁক আজি আইচিইউ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে।
উল্লেখ্য যে, ছাইৰা বানুৱে ১৯৬১ চনত প্ৰয়াত অভিনেতা শাম্মী কাপুৰৰ বিপৰীতে জংলী চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁ পাডোচন (১৯৬৮), হেৰা ফেৰী (১৯৭৬), দিৱানা (১৯৬৭) আৰু পূৰব ঔৰ পশ্চিম (১৯৭০)ৰ দৰে চলচ্চিত্ৰত কৰা দুৰ্দান্ত অভিনয়ৰ জৰিয়তে সকলোৰে মন মুহি থৈছে। তেওঁৰ অসুস্থতাৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীসকলক উদ্বিগ্ন কৰি ৰাখিছে।
Leave A Comment