ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰসিদ্ধ প্ৰবীণ অভিনেতা
নাছিৰুদ্দিন শ্বাহ এক ৰোগত আক্ৰান্ত হৈছে। অভিনেতাগৰাকীয়ে নিজ মুখে জনালে এই কথা।
৭১ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে "মই অনোমাটোমেনিয়া (onomatomania) নামৰ এক ৰোগত আক্ৰান্ত। এই ৰোগে মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। মই ধেমালি কৰা নাই। এয়া এক মেডিকেল কণ্ডিচন হয়। আপুনি অভিধান চাই এই ৰোগ কি বুজিব পাৰিব।" তেওঁ লগতে কয় যে,"অনোমাটোমেনিয়া হৈছে এনে এক ৰোগ য'ত আপুনি যিকোনো সময়ত এটা শব্দ, বাক্য, বাক্যাংশ বা বক্তব্য এনেই বিনা কাৰণত আওঁৰাই থাকে। বাৰে বাৰে সেই কথাবোৰ পুনৰাবৃত্তি কৰি থাকে। এইটো মোৰ সৈতে প্ৰতি মুহূৰ্তত ঘটে, সেয়েহে মোৰ একেবাৰে শান্তি নোহোৱা হৈছে। আনকি যেতিয়া মই শুই থাকো, মই ভাল পোৱা যিকোনো এটা পাঠ বা কথা আওঁৰাই থাকো।এনেকুৱা হ'লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে।"
উল্লেখ্য যে নাছিৰুদ্দিন শ্বাহক শেষবাৰৰ বাবে 'গেহৰাইয়া'ত দেখা গৈছিল। এই ছবিখনত দীপিকা পাডুকনৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল নাছিৰুদ্দিনে। ইয়াৰ উপৰিও তেওঁক ৱেব চিৰিজ 'কৌন বনেগা শিখৰৱতী'তো দেখা গৈছিল।
আৰু পঢ়কঃ কুকুৰৰ মৃত্যু! তিনি জাঁই গুলী ফুটাই ৰাজ্যিক মৰ্যাদাৰে জনোৱা হ’ল অন্তিম বিদায়
Leave A Comment