ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটৰ অনুষ্ঠান 'লক আপ'ৰ পৰা বাহিৰ হৈছে ৰাজনৈতিক বিশ্লেষক
তেহচিন পুনাৱালা। তেহচিন পুনাৱালা হৈছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ ভনী জোঁৱাই। 'লক আপ'ৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে তেহচিন পুনাৱালাই এনে এক নিজৰ গোপন কাহিনী প্ৰকাশ কৰিছে যিয়ে অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ লগতে দৰ্শকসকলক হতবাক কৰি তুলিছে।
দেশৰ এজন শীৰ্ষ উদ্যোগপতিৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰাৰ প্ৰস্তাৱ পাইছিল তেহচিন পুনাৱালাই। তেহচিনক এই প্ৰস্তাৱ উদ্যোগপতিগৰাকীয়ে নিজে দিছিল। তেহচিনে কয় যে "মোক ভাৰতৰ এজন শীৰ্ষ উদ্যোগপতিয়ে তেওঁৰ পত্নীৰ সৈতে শুবলৈ এটা প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱৰ ভিত্তিত তেওঁ এটা সপ্তাহৰ বাবে মোৰ গোটেই নাইটক্লাবটো বুক কৰিছিল। উদ্যোগপতিগৰাকীয়ে মোক তেওঁৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰা চাব বিচাৰিছিল। মই এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে উপভোগ কৰিছিলো। উদ্যোগপতিজনে এই সকলোবোৰ ওচৰতে বহি চাই আছিল।
মই এই কাম কৰি অলপো অনুতপ্ত নহয়, কিয়নো মই একো ভুল কৰা নাই। উদ্যোগপতিগৰাকীয়ে তেওঁৰ পত্নীক মোৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাটো বিচাৰিছিল আৰু তেওঁ সেই অভিজ্ঞতা চাব আৰু উপভোগ কৰিব বিচাৰিছিল। তেহচিন পুনাৱালাই অৱশ্যে উদ্যোগপতিগৰাকীৰ নাম প্ৰকাশ নকৰিলে। তেহচিনে এই গোপন কাহিনী প্ৰকাশ কৰাৰ পাছত কংগনা ৰাণাৱটে তেওঁক সুধিছিল, 'আপোনাৰ পত্নীয়ে এই কথা জানে নে?'
[caption id="attachment_137516" align="aligncenter" width="300"]
পত্নী মণিকাৰ সৈতে তেহচিন[/caption]
তেহচিনে কৈছিল যে বিয়াৰ পূৰ্বে পত্নীৰ সৈতে
ডেটিং কৰি থাকোতে আৰম্ভণিতেই তেওঁ এই ঘটনাটোৰ বিষয়ে জনাইছিল। উল্লেখ্য এই কাহিনী কোৱাৰ পাছতেই 'লক আপ'ৰ পৰা বাহিৰ হয় তেহচিন পুনাৱালা। 'লক আপ' নামৰ এই ৰিয়েলিটী শ্ব’টোত কংগনাক আয়োজক হিচাপে দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানটোৰ প্ৰযোজনা একতা কাপুৰৰ। 'লক আপ' ২৭ ফেব্ৰুৱাৰীৰ পৰা অল্টবালাজী অ’টিটি প্লেটফৰ্মত সম্প্ৰচাৰিত হৈছে।
আৰু পঢ়কঃ পোহনীয়া কুকুৰক ৫ কোটি টকাৰ হীৰাৰ চেইন উপহাৰ! সুৰক্ষাৰ বাবে দেহৰক্ষী নিয়োগ
Leave A Comment