comScore
  • এসময়ত নাচিবলৈ ভয় কৰিছিল ছলমানে,নৃত্যৰ ষ্টেপ বাদ দিবলৈ ক’ৰিঅ’গ্ৰাফাৰক কৰিছিল কাকূতি-মিনতি; কোনে কৰিলে

    মনোৰঞ্জন
    এসময়ত নাচিবলৈ ভয় কৰিছিল ছলমানে,নৃত্যৰ ষ্টেপ বাদ দিবলৈ ক’ৰিঅ’গ্ৰাফাৰক কৰিছিল কাকূতি-মিনতি; কোনে কৰিলে
    ডিজিটেল ডেস্কঃ বলীউডৰ 'ভাইজান' তেওঁ। ছলমানৰ ছবিৰ প্ৰথম প্ৰদৰ্শনীতে হাত চাপৰিৰ বন্যা বয়। ৰূপালী পৰ্দাৰ নৃত্য দেখি দৰ্শকৰ মাজৰ পৰা ভাহি আহে উছাহৰ সুঁহুৰি। কিন্তু সেই একেজন ছলমানে এসময়ত নাচিবলৈ কৰিছিল ভয়। অলপতে এই কথা সদৰী কৰিছে তেওঁৰে এসময়ৰ এগৰাকী নায়িকাই। শেহতীয়াকৈ, এটা ৰিয়েলিটি শ্ব’ৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ৯০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী আইশা জুলকা তথা মধুই। আয়োজক আদিত্য নাৰায়ণে তেওঁলোকক লৈ অতীতৰ নানা কথাৰ আলোচনা কৰিছিল।

    সেই অনুষ্ঠানটোতে আওতালৈ আহে ছলমানৰ প্ৰসংগ। আয়েশাই কয়, ‘ এতিয়া যিগৰাকী অভিনেতাৰ নৃত্যত আত্মহাৰা সহস্ৰ অনুৰাগী। সেইগৰাকী অভিনেতাই ৯০ৰ দশকত নৃত্যৰ দৃশ্য এৰাই চলিব বিচাৰিছিল।’ আয়েশাই বৰ্তমানৰ 'চুলবুল পাণ্ডে' দেখি আচৰিত হোৱা বুলিও কয়। স্মৰ্তব্য যে, আয়েশাৰ প্ৰথম ছবি 'কুৰবান'ত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। অভিনেতাজনে তাতো নাচিব বিচৰা নাছিল নেকি? এই প্ৰসংগত আয়েশাই কয়, ‘ মোৰ এতিয়াও মনত আছে ছলমানে নাচিবলৈ খুব ভয় কৰিছিল।

    ছবিখনৰ এটা গীতৰ দৃশ্যটোত তেওঁ যাতে সহজে খোজকাঢ়িব পাৰে আৰু বেছিভাগ নৃত্যৰ ষ্টেপ কেৱল মোৰ বাবেহে থাকে সেইবুলি পোনপটীয়াকৈ ক’ৰিঅ'গ্ৰাফাৰক অনুৰোধ কৰিছিল।’ সেইবাবে এতিয়াৰ ছলমানৰ নৃত্যই ৯০ ৰ দশকৰ 'জো জিতা ৱহী ছিকন্দৰ', 'খিলাড়ী'ৰ দৰে হিট ছবিৰ নায়িকাক ইমান বিমুগ্ধ কৰে। আয়েশাই হাঁহি হাঁহি কয়, ‘ছলমানৰ এতিয়াৰ নৃত্য দেখিলে এনে ভাৱ হয় যেন তেওঁ তেতিয়া ভাওহে জুৰিছিল।’ আয়েশাৰ কথাই এতিয়া অনুৰাগীৰ মাজতো বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।