• ক'ভিডত আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ

    মনোৰঞ্জন
    ক'ভিডত আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ

    ডিজিটেল ডেস্ক: ভাৰতৰ নাইটিংগেল, লতা মংগেশকাৰ আক্ৰান্ত হয় ক’ভিড-১৯ত৷ তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট কণ্ঠশিল্পীগৰাকীক। কিংবদন্তি কণ্ঠশিল্পীগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে।





    ভাৰতৰ নাইটিংগেল, গায়িকা লতা মংগেশকাৰক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। তেওঁৰ ভতিজী ৰচনাই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে৷ তেওঁ কয় যে, ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহত ধৰা পৰিছিল ক’ভিডৰ লক্ষণ। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি স্বাস্থ্যবিভাগৰ অনুমতি সাপেক্ষে আইচিইউলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।





    ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰৰ কণ্ঠই হৃদয় জিনিছিল প্ৰতিগৰাকী ভাৰতীৰ৷ দাদাচাহেব ফালকে বঁটা আৰু ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা, লিজিয়ন অব অনাৰৰ বিষয়া, লগতে অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে সংগীতৰ ভোটাতৰা স্বৰূপ লতাক। ১৯৭৪ চনত গিনিজ বুক অব ৰেকৰ্ডছে তেওঁক ইতিহাসৰ আটাইতকৈ ৰেকৰ্ড কৰা শিল্পী হিচাপে গণ্য হিচাপে। তথ্য অনুসৰি, তেওঁ ১৯৪৮ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত ২৫,০০০তকৈয়ো অধিক গানত কণ্ঠদান কৰিছিল তেওঁ।