ডিজিটেল ডেস্কঃ অসমত কিছুদিনৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে হৈছে ভূমিস্খলনৰ ঘটনা। ইয়াৰ মাজত ৰাজ্যৰ ১৪খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে পুনৰ সতৰ্কবাণী জাৰি কৰিছে।
কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালামাৰা আৰু গোৱালপাৰা জিলাত বতৰ বিজ্ঞান বিভাগে আজি Orange Alert জাৰি কৰিছে।
বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাকেইখন হৈছে-বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি ধেমাজি আৰু লখিমপুৰ।
Orange Alert জাৰি কৰা জিলা ৪খনত অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰা জিলা ১০খনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বিশেষ কাম নাথাকিলে বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান।
Leave A Comment