Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
মুম্বাইঃ বলীউডৰ এটা বহুল চৰ্চিত নাম-কংগনা ৰানাৱট। বিগত সময়ছোৱাত কিমান যে বিতৰ্কিত অধ্যায়ে স্পৰ্শ কৰি গৈছে অভিনেত্ৰীগৰাকীক, সেয়া সকলোৰে অৱগত। কিন্তু এতিয়া আৰু বিতৰ্কৰ মাজতে সোমাই থাকিব বিচৰা নাই কংগনাই। পৰিৱৰ্তন বিচাৰি বলীউডত পুনৰ খলকনি লগালে কংগনাই। বলীউডৰ আগশাৰীৰ প্ৰায়সংখ্যক নায়িকাক টক্কৰ কংগনা ৰানাৱটৰ। নতুন প্ৰজেক্টৰ বাবে অধিক প্ৰাধান্য দিয়া হৈছে সদাবিতৰ্কিত অভিনেত্ৰীগৰাকী। জানিবলৈ পোৱা মতে, ‘দ্য ইনকাৰনেশ্যন: সীতা’ত অভিনয় কৰিব কংগনা ৰানাৱটে।
ভাৰতীয় মহাকাব্যৰ অন্যতম জনপ্ৰিয় তথা বহুল সমাদৃত সীতাৰ চৰিত্ৰত অভিনয় কৰিব কংগনাই। ইয়াৰ পূৰ্বে, কৰীণা কাপুৰ আৰু দীপিকা পাডুকনৰ দৰে বলীউডৰ খ্যাতনামা নায়িকাসকলে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি হনুবাৰ্তা ওলাইছিল। আনকি সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ এক মোটা পৰিমাণৰ বাজেট দাখিল কৰাৰ বাতৰিটোৱেও বলীউড এৰিণাত তুমুল চৰ্চা লাভ কৰিছিল। কিন্তু এতিয়ালৈকে চলচ্চিত্ৰ নিৰ্মাতাসকলে এই প্ৰসংগক কেন্দ্ৰ কৰি কোনো মন্তব্য প্ৰদান কৰা নাই।
ইয়াৰ মাজতে মঙলবাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগনা ৰানাৱটে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি প্ৰযোজনা প্ৰতিষ্ঠান এছ এছ ষ্টুডিঅ’ৰ সঞ্চালক শালিনী শৰ্মাই ঘোষণা কৰে। কংগনা ৰানাৱটে ইতিমধ্যে ডাঙৰ বাজেটৰ পিৰিয়ড ড্ৰামাখনৰ বাবে চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছে। শেহতীয়াকৈ, কংগনা অভিনীত জয় ললিতাৰ জীৱনীমূলক ছবি 'থালাইভি' মুক্তি পাইছে। অভিনেত্ৰীগৰাকীৰ অভিনৱ অভিনয়ৰো প্ৰশংসা কৰিছে দাক্ষিণাত্যৰ 'থালাইভা' ৰজনীকান্তে। বিগত মাহত, বুডাপেষ্টত 'ঢক্কাৰ'ৰ শ্বুটিং সমাপ্ত কৰি ‘তেজছ’ৰ কামত আত্মনিয়োগ কৰিছিল নিজকে। এইবাৰ আকৌ কংগনাই বলীউডৰ আন এখন উল্লেখ্যযোগ্য ছবি 'দ্য ইনকাৰনেশ্যন: সীতা'ত অভিনয় কৰিব।
Leave A Comment