• কৰ’না ভীতিৰ মাজতে সুখবৰ : আইমী বৰুৱালৈ গুৰুত্বপূৰ্ণ স্বীকৃতি

    মনোৰঞ্জন
    কৰ’না ভীতিৰ মাজতে সুখবৰ : আইমী বৰুৱালৈ গুৰুত্বপূৰ্ণ স্বীকৃতি

    গুৱাহাটী : কৰ’নাকালৰ দুৰ্যোগৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি নৱাগত চলচ্চিত্ৰ নিৰ্মাতাৰ বঁটা লাভ কৰিছে জনপ্রিয় অভিনেত্ৰী আইমী বৰুৱাই। চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে বিশেষ সন্মান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।





    আৰু পঢ়িব পাৰিব : নাৰকীয় : ৰাজ্যত ধৰ্ষণ-হত্যাৰ বলি আন এগৰাকী কনমাণি





    আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি Tagore international film festivalত এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। প্ৰথমখন ডিমাছা ভাষাৰ ছবি 'Semkhor'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা নৱাগতা পৰিচালিকাগৰাকীয়ে।





    আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো





    Tagore international film festivalত ডিমাছা ভাষাৰ প্ৰথমখন ছবি Semkhorৰ বাবে Best narrative, Best women film, Best debut film makerৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই। উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰত আইমী বৰুৱাই নিজে অভিনয় কৰিছিল।