ডিজিটেল ডেস্কঃ বলীউদৰ জনপ্ৰিয় অভিনেতা
ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এখন চিনেমাৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হয় ৰণদ্বীপ হুদা। বুধবাৰে অভিনেতাজনৰ আঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। ৪৫ বছৰীয়া ৰণদ্বীপ হুদাৰ নতুনকৈ আহিবলগীয়া ছবি ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত শ্বুটিংস্থলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিনেতাগৰাকী। এক মাৰ-পিটৰ দৃশ্যত ভাগ লৈছিল অভিনেতাগৰাকীয়ে।
ৰণদ্বীপক ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁক পৰীক্ষা কৰি আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয়। পৰৱৰ্তী সময়ত চিকিৎসকে অভিনেতাগৰাকীৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে।
উল্লেখযোগ্য যে ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত তেওঁ যিখন ভৰিত
আঘাত পাইছিল সেই একেখন ভৰিতে ৰণদ্বীপে ‘ৰাধে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়তো আঘাত পাইছিল। ৰণদ্বীপ হুদাক অতি সোনকালেই হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ব বুলি জনাইছে তেওঁৰ মেনেজাৰে। ২০০৮ চনতো তেওঁৰ ভৰিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছিল। সেইবাৰ তেওঁ প’ল’ গেম খেলি আছিল।
আৰু পঢ়কঃ বাংলাদেশী জাহাজত ৰাছিয়াৰ মিছাইল আক্ৰমণ;এজন নাবিক নিহত
Leave A Comment