• চন্দ্ৰশেখৰৰ টকাৰে জেকলিন-পৰিয়ালৰ বিলাস! মিনি চপাৰ, ৰ’লেক্স, প’ৰ্শ্ব আৰু যে কত কি...

    মনোৰঞ্জন
    চন্দ্ৰশেখৰৰ টকাৰে জেকলিন-পৰিয়ালৰ বিলাস! মিনি চপাৰ, ৰ’লেক্স, প’ৰ্শ্ব আৰু যে কত কি...

    ডিজিটেল ডেস্ক: লাহে লাহে নাও ডুবিছে বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ! এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে জাল চপাই আনিছে জেকলিনৰ ফালে। প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা কোটিৰ ঘৰত ‘উপহাৰ’ লৈ বিপদত পৰিছে জেকলিন। চন্দ্ৰশেখৰৰ টকাৰে বিলাসী জীৱন কটোৱা জেকলিনৰ পৰিয়ালৰ তথ্য প্ৰকাশ কৰিছে ইডি-এ। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে দাখিল কৰা চাৰ্জশ্বিট অনুসৰি জেকলিনৰ লগতে পৰিয়ালে চন্দ্ৰশেখৰৰ পৰা মিনি চপাৰ, ৰ’লেক্স ঘড়ী, প’ৰ্শ্ব গাড়ীকে ধৰি কোটি কোটি টকা মূল্যৰ উপহাৰ গ্ৰহণ কৰিছে।





    ২০০ কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা বিভিন্ন উপহাৰ লৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তদন্তৰ আওতালৈ আহিছে জেকলিন ফাৰ্নাণ্ডেজ। প্ৰৱঞ্চক চন্দ্ৰশেখৰে গুচ্চিৰ জীম আউটফিট, গুচ্চিৰ জোতা, ৰ’লেক্সৰ ঘড়ী, ১৫যোৰ কাণফুলি, এলভিৰ বেগ ইত্যাদি বহু বিলাসী উপহাৰ জেকলিনক দিছে। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি চন্দ্ৰশেখৰে জেকলিনক এখন মিনি হেলিকপ্তাৰো দিছিল যিখন অভিনেত্ৰীগৰাকীয়ে পাছত ওভতাই দিয়ে। ইয়াৰ উপৰি চন্দ্ৰশেখৰে জেকলিনৰ ভনীয়েকক এখন বিএমডব্লিউ গাড়ী উপহাৰ দিয়ে। চাৰ্জশ্বিট অনুসৰি প্ৰৱঞ্চকজনে জেকলিনৰ মাতৃক ১,৮০,০০০ মাৰ্কিন ডলাৰ আৰু এখন প’ৰ্শ্ব গাড়ীও দিছে।





    আনহাতে, ইডিৰ বিষয়ববীয়াই পূৰ্বে সংগ্ৰহ কৰা মন্তব্যত জেকলিনে তেওঁৰ ভগ্নীয়ে চন্দ্ৰশেখৰৰ পৰা ১,৫০,০০০ মাৰ্কিন ডলাৰৰ ঋণ লোৱা বুলি জনাইছিল। লগতে চন্দ্ৰশেখৰে জেকলিনৰ অষ্ট্ৰেলিয়াত থকা ভাতৃৰ একাউণ্টত ১৫ লাখ টকা পঠিওৱাৰ কথাও স্বীকাৰ কৰে।