• চলচ্চিত্ৰ কিংবদন্তী দিলীপ কুমাৰ আৰু নাই: ৯৮ বছৰ বয়সত মৃত্যু অভিনেতাজনৰ

    মনোৰঞ্জন
    চলচ্চিত্ৰ কিংবদন্তী দিলীপ কুমাৰ আৰু নাই: ৯৮ বছৰ বয়সত মৃত্যু অভিনেতাজনৰ

    মুম্বাই : যশস্বী অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান৷ ৯৮ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ৷ মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন হৈ আছিল দিলীপ কুমাৰ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাজন৷ অনেক ছবিত অনবদ্য অভিনয় কৰিছিল কুমাৰে৷





    কুমাৰৰ জনপ্ৰিয় ছবিকেইখন হৈছে মোগল-ই-আজম, দেৱদাস, ৰাম ঔৰ শ্যাম, নয়া দৌৰ৷ ‘দাদা চাহেব ফাল্কে’ বঁটাৰে বিভূষিত দিলীপ কুমাৰ৷ ২০১৫ চনত লাভ কৰিছিল পদ্মবিভূষণ সন্মান৷ পাকিস্তান চৰকাৰেও আগবঢ়াইছিল সৰ্বোচ্চ অসামৰিক সন্মান৷ ভাৰতীয় ছবিজগতৰ এক কিম্বদন্তী আছিল দিলীপ কুমাৰ৷ দিলীপ কুমাৰৰ মৃত্যুত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে৷