ডিজিটেল ডেস্কঃ এজন দৰাৰ ফটোৱে ছ'চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ দৰাৰ দেহত পৰম্পৰাগত সাজ-পোছাকৰ বিপৰীতে আছিল এজন দেশী ছুপাৰহিৰ'ৰ সাজ। কেৰেলাৰ এই দৰাজনৰ নাম অমল ৰবীন্দ্ৰন।
ভাৰতীয় চিনেমাৰ এটা দেশী ছুপাৰহিৰোৰ চৰিত্ৰ ইমানেই জনপ্ৰিয় হৈ পৰিল যে সেই চৰিত্ৰৰ পোছাক পিন্ধি বিয়া পাতিলে ২৯ বছৰীয়া যুৱকজনে। ২০২১ বৰ্ষৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি লাভ কৰে মালায়লাম ছবি 'মিন্নাল মুৰলী'-য়ে।
'মিন্নাল মুৰলী'ৰ ছুপাৰহিৰ'ৰ চৰিত্ৰটোৱে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এখন জনপ্ৰিয় চিনেমা হিচাপে বিবেচিত হয় 'মিন্নাল মুৰলী'। চিনেমাখনত এজন দৰ্জীৰ কাহিনী দেখুওৱা হৈছে। তেওঁ বজ্ৰপাতৰ দ্বাৰা আহত হোৱাৰ পাছত ছুপাৰ পাৱাৰ লাভ কৰি ছুপাৰহিৰ' হৈ উঠে। এই চৰিত্ৰটোত অভিনয় কৰিছে টোভিনো থমাছে। অমল ৰবীন্দ্ৰন মিন্নাল মুৰলী চাই ইমানেই প্ৰভাৱিত হয় যে নিজৰ বিয়াৰ দিনা সেই পোচাক পিন্ধাৰ সিদ্ধান্ত লয়।
বিবাহৰ পূৰ্বে দৰা-কইনা প্ৰি ৱেডিং ফটোশ্বুট আৰু ভিডিঅ' কৰিছিল, তাত অমল ৰবীন্দ্ৰনে ছুপাৰহিৰ'ৰ পোচাক পৰিধান কৰিছিল, সেইবোৰত সকলোৰে পৰা ইতিবাচক সঁহাৰি পোৱাৰ পাছত দৰাৰ সাজতো মিন্নাল মুৰলীৰ ছুপাৰহিৰ'ৰ সাজ পৰিধান কৰাৰ সিদ্ধান্ত লয় যুৱকজনে। অমল ৰবীন্দ্ৰনে কয় যে তেওঁৰ পৰিয়ালৰ লোকে আৰু আত্মীয়সকলে তেওঁক ছুপাৰহিৰ' হিচাপে পোছাক পিন্ধাৰ ধাৰণাটোৰ
সমৰ্থন কৰিছিল। অৱশ্যে কইনা অঞ্জুৱে পৰম্পৰাগত পোচাকেই পৰিধান কৰে। এই বিয়াখনৰ খবৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে সংবাদ শিৰোনামো দখল কৰে।
আৰু পঢ়কঃ ‘এওঁক নিজৰ কৰি পাব বিচাৰোঁ’! নীৰজ চোপ্ৰাৰ প্ৰেমত হাবুডুবু খাই ক’লে অভিনেত্ৰীয়ে
Leave A Comment