International
মুম্বাই: ‘তেওঁ মোৰ অস্তিত্ব আছিল। আজি মই মোৰ জননীক হেৰুৱাই এক অসহনীয় বেদনা অনুভৱ কৰিছো। মোৰ মা অৰুণা ভাটিয়াই আজি পুৱা ইহলীলা সম্বৰণ কৰে৷’- বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ আজি মৃত্যু ঘটে। টুইটাৰত এক বেদনাসূচক পোষ্টৰে তেওঁৰ অনুৰাগীসকলৰ সৈতে এই কথা শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে৷
উল্লেখ্য যে, কিছুদিন আগতে, অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল৷ আৰু তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছিল। মাতৃ ভাটিয়াৰ অসুস্থৰ সংবাদ পায়েই দৌৰাদৌৰিকৈ ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত উপস্থিত হৈছিল অক্ষয় কুমাৰ৷
অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ প্ৰতি থকা ভালপোৱাৰ কথাও সৰ্বজনবিদিত। সময়ে সময়ে নিজ মাতৃৰ বাবে কৰি অহা কামেৰে অভিনেতাগৰাকীয়ে বিশেষ প্ৰচাৰো লাভ কৰি আহিছে। আজিৰ এই দুৰ্ভাগ্যজনক ঘটনাই বাৰুকৈয়ে মৰ্মাহত কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতাজনক।
Leave A Comment